NORTHEAST NOW (Assamese)
অসম

ভাৰত-বাংলাদেশ সীমা: নদীসমূহ কিদৰে বেৰা হ’ব? কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰে বৈঠক সোণোৱালৰ

Posted by: ৰাজীব ৰয় Updated by: ৰাজীব ৰয় December 15, 2018 1:35 pm
Indo-Banga border fencing: Assam CM Sonowal discusses with HM Rajnath Singh

ভাৰত-বাংলাদেশ সীমান্তত চলি থকা বেৰ নিৰ্মাণৰ কামৰ অগ্ৰগতি আৰু অঞ্চলটোত থকা উন্মুক্ত নদীসমূহৰ ক্ষেত্ৰত “প্ৰযুক্তি”গত উপায় অৱলম্বন কৰা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে নতুন দিল্লীত শুকুৰবাৰে এক বৈঠকত মিলিত হয় অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

“স্মাৰ্ট ফেন্সিং” সন্দৰ্ভতো বৈঠকত বিস্তাৰিত আলোচনা হোৱা বুলি দাবী কৰিছে মুখ্য মন্ত্ৰী সোণোৱালে। “ভাৰত-বাংলাদেশ সীমান্তৰ নৈ এলেকাসমূহত প্ৰযুক্তিগত সমাধান সন্দৰ্ভত আমাৰ মাজত এটা সুদীৰ্ঘ আলোচনা হয়। বৈঠকত আমি স্মাৰ্ট ফেন্সিং সন্দৰ্ভতো আলোচনা কৰো,” নৰ্থ ব্লকত বৈঠকৰ পিছতে জনালে সোণোৱালে।

বৈঠকৰ পিছতে সীমান্তত নিৰ্মীয়মান বেৰৰ অগ্ৰগতি সন্দৰ্ভত প্ৰতিবেদন দাখিলৰ বাবে সীমা সুৰক্ষা বাহিনীৰ লগতে নিৰ্মাণৰ কামত জৰিত সকলো কৰ্তৃপক্ষক নিৰ্দেশ দিছে গৃহ মন্ত্ৰী সিঙে।

“অহা মাহত গৃহ মন্ত্ৰীয়ে ভাৰত-বাংলাদেশ সীমান্তত নিৰ্মীয়মান বেৰৰ অগ্ৰগতিৰ পৰ্য্যালোচনা কৰিব,” সোণোৱালৰ মন্তব্য।

ভাৰত-বাংলা সীমাৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মেঘালয়ৰ সৈতে অসমৰ সীমামূৰীয়া আন্তঃৰাজ্যিক পথসমূহৰ উন্নয়ন আৰু অসম আৰক্ষীৰ আধুনিকীকৰণ সন্দৰ্ভতো বৈঠকত আলোচনা হোৱা বুলি জনাইছে সোণোৱালে।

“আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডৰ সৈতে সীমান্ত পথসমূহ উন্নত কৰিব লাগে। আৰক্ষীৰ আধুনিকীকৰণ সন্দৰ্ভতো আমি দীঘলীয়াকৈ আলোচনা কৰো। আৰক্ষীৰ আধুনিকীকৰণ সন্দৰ্ভত অতি শীঘ্ৰে আমি বহু পদক্ষেপ ল’বলৈ আগবাঢ়িছো,” সোণোৱালৰ মন্তব্য।

জানিব পৰা মতে অসমত এন আৰ চিৰ অগ্ৰগতি সন্দৰ্ভতো সোণোৱালে বৈঠকত গৃহ মন্ত্ৰীক অৱগত কৰে।

বৈঠকত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দ’ভাল, কেন্দ্ৰীয় যুটীয়া গৃ্হ সচিব (উত্তৰ-পূব) সত্যেন্দ্ৰ গাৰ্গ, অসমৰ মুখ্য সচিব আলোক কুমাৰ, আৰক্ষী সঞ্চালক কুলধৰ শইকীয়াও উপস্থিত আছিল।