NORTHEAST NOW (Assamese)
অসম

ব’ৰ্ড পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা : অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব স্থগিত ৰখা পৰীক্ষা

Posted by: পংকজকুমাৰ দেব Updated by: পংকজকুমাৰ দেব December 15, 2018 3:29 pm
question paper leakage

ডিমা হাচাও জিলাত যোৱা ৭ ডিচেম্বৰৰ পৰা চলি থকা ব’ৰ্ড পৰীক্ষাৰ নৱম শ্ৰেণীৰ আৰু দশম শ্ৰেণীৰ প্ৰিপাৰাটৰি পৰীক্ষাৰ ছ’চিয়েল ছায়েন্সৰ প্ৰশ্নকাকত ফাদিল হোৱা বাবে স্থগিত ৰখা উক্ত বিষয় দুটাৰ পৰীক্ষা অহা ১৭ ডিচেম্বৰত অনুষ্ঠিত হ’ব। ১৪ ডিচেম্বৰত এই পৰীক্ষা দুটা স্থগিত ৰখা হৈছিল। এই কথা জানিবলৈ দিছে জিলাখনৰ ইন্সপেক্টৰ অব স্কুলে।

আনহাতে ঘটনাটোক কেন্দ্ৰ কৰি এতিয়াও পাৰ্বত্য জিলাখনৰ শৈক্ষিক মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে। ঘটনাটোক তীব্ৰ ভাষাৰে গৰিহণা দিছে ডিমাছা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটীৰ সাধাৰণ সচিব প্ৰমিত চেংগুইনে। তেওঁ কৰ্তৃপক্ষক এখন তদন্ত কমিটী গঠন কৰি প্ৰকৃত তথ্য উন্মোচনৰ লগতে দোষী ব্যক্তিক চিনাক্ত কৰি শাস্তি বিহাৰ দাবী জনায়। তেওঁ ইয়াক ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে উক্ত বিষয় দুটাৰ পৰীক্ষাৰ আগ মুহূৰ্তত ইয়াৰ প্ৰশ্নকাকত ইতিমধ্যে একাংশ ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে পৰিছে বুলি জানিব পাৰি কৰ্তৃপক্ষই লগে লগে সিদ্ধান্ত লৈ পৰীক্ষা স্থগিত ৰাখিছিল।

কিন্তু একাংশ ছাত্ৰ-ছাত্ৰীৰ অভিযোগ মতে, আগৰ কেইদিনৰ পৰীক্ষাৰ প্ৰশ্নকাকতো ফাদিল হৈছিল। অভিযোগমতে, চলিত বছৰৰ পৰীক্ষাৰ প্ৰতিখন প্ৰশ্নকাকত পৰীক্ষাৰ আগতেই একাংশই লাভ কৰিছিল।

শ্যামলী চক্ৰৱৰ্তী নামৰ এগৰাকী শিক্ষয়িত্ৰীয়ে কয়, “আমি পৰীক্ষাৰ আগদিনা ৰাতি সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হৈছে বুলি জানিব পাৰো। তাৰ পাছতে পুৱালৈ স্কুললৈ অহাৰ পাছতে ইন্সপেক্টৰ অব স্কুলে পৰীক্ষা স্থগিত ৰাখাৰ নিৰ্দেশ দিয়ে।”

বহুতেই অভিযোগ কৰিছে যে ইয়াৰ আঁৰত একাংশ প্ৰধান শিক্ষকো জড়িত থকাৰ সম্ভাৱনা প্ৰৱল। কাৰণ প্ৰধান শিক্ষকৰ ওচৰতে প্ৰশ্নকাকতৰ ছাবি-কাঠী থাকে।

জানিব পাৰামতে জিলাৰ আঠটা চেণ্টাৰলৈ পৰীক্ষাৰ প্ৰায় এক সপ্তাহ পূৰ্বে প্ৰশ্ন কাকতৰ ছীলড পেক পঠোৱা হৈছিল।