NORTHEAST NOW (Assamese)
অসম

বদৰুদ্দিনকতো মাৰিলোৱেই, এবছৰত গিৰাইহে এৰিম বিজেপিক: তৰুণ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া December 15, 2018 3:52 pm
Tarun Gogoi former assam cm slams BJP

অসমৰ পঞ্চায়ত নিৰ্বাচনত বিৰোধী দল হোৱা সত্ত্বেও শাসকীয় বিজেপিৰ সমানে সমানে প্ৰতিদ্বন্দ্বিতা আগবঢ়াই উৎফুল্লিত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এইবাৰ এ আই ইউ দি এফক “মৰা”ৰ কৃতিত্ব দাবী কৰাৰ লগতে ঘোষণা কৰিছে এবছৰৰ ভিতৰত শাসকীয় বিজেপিক “গিৰোৱা”ৰ সংকল্প।

বিজেপিক “গিৰোৱা”ৰ পথত দৰকাৰ হ’লে ২০২১ৰ বিধানসভা নিৰ্বাচনতো পুনৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথাও শনিবাৰে গুৱাহাটীত সংবাদমেলযোগে ঘোষণা কৰিছে ইতিপূৰ্বে “সক্ৰিয়” ৰাজনীতিৰ পৰা অৱসৰ ঘোষণা কৰা বৰ্ষীয়ান ৰাজনীতিকজনে।

“টকা খৰচ কৰাৰ পাছতো বিজেপিৰ গৰাখহনীয়া হৈছে। পঞ্চায়ত নিৰ্বাচনে ইয়াৰে ইংগিত দিছে। নিৰ্বাচনত হাৰিলেও দিল্লীলৈ নাযাওঁ। বদৰুদ্দিনকতো মাৰিলোৱেই, মই অসমত থাকি বিজেপিক এবছৰত গিৰাইহে এৰিম। ’২১ত দৰকাৰ হ’লে নিৰ্বাচন খেলিমো। মানুহে মোক কৈ আছে নিৰ্বাচন খেলিবলৈ,” ক’লে গগৈয়ে।

বিজেপিৰ সবল ভিত্তি থকা পুৰণা দুৰ্গ ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তিচগৰত শেহতীয়াকৈ কংগ্ৰেছৰ বিজয়ৰ প্ৰসংগ উল্লেখ কৰি “কংগ্ৰেছমুক্ত ভাৰত”ক মোদীৰ দুঃস্বপ্ন বুলি মন্তব্য কৰে গগৈয়ে।

গগৈয়ে লগতে কয় পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছক “অচল টকা” বোলা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো পাইছে উচিত “প্ৰত্যুত্তৰ”।

বিজেপিৰ চৰকাৰ চলাব পৰা “দক্ষতা আৰু ক্ষমতা” নাই বুলিও মন্তব্য কৰিছে তিনিবাৰকৈ অসম চৰকাৰৰ নেতৃত্ব দিয়া প্ৰাক্তন মুখ্য মন্ত্ৰীজনে। “ভুল হ’লে শিকিব পৰা ক্ষমতাও নাই মুখ্য মন্ত্ৰী আৰু অন্য নেতাৰ,” গগৈৰ মন্তব্য।

সমাগত লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছেই সৰ্বাধিক আসন দখল কৰিব বুলি দাবী কৰি তেওঁ লগতে কয় যে ২০২১ৰ বিধানসভা নিৰ্বাচনত জয়ী হৈ কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰিব।