NORTHEAST NOW (Assamese)
অসম

নগাঁৱত মানৱ সৰবৰাহ ৰোধ সন্দৰ্ভত প্ৰশিক্ষণ শিৱিৰ সম্পন্ন

Posted by: মিণ্টু দাস December 16, 2018 11:53 am
Human trafficking

নগাঁও জিলা উপায়ুক্ত সভাকক্ষত জিলা ন্যায় সেৱা প্ৰাধিকাৰী আৰু গুৱাহাটীস্থিত স্বেচ্চাসেৱী অনুষ্ঠান গ্লডৰ সহযোগত ১৫ ডিচেম্বৰত মানৱ সৰবৰাহ সম্পৰ্কীয় এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। বিনামূলীয়া আইন সাহায্য কোষৰ অধিবক্তা তথা লোক অধিবক্তাসকলৰ বাবে এই প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰা হয় বুলি জানিব পৰা যায়।

নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা প্ৰণিতা মৰাঙে আঁ‌ত ধৰি শিশু-যুৱতীকে ধৰি মানৱ সৰবৰাহৰ বিষয়ে বিভিন্ন সমস্যা ৰাজিৰ ওপৰত বহল ভাৱে ব্যাখ্যা দাঙি ধৰে। নগাঁও আইন সেৱা প্ৰাধিকাৰী আইন সেৱা কোষৰ সকলো অধিবক্তা উপস্থিত থকা প্ৰশিক্ষণ শিৱিৰৰ শলাগৰ শৰাই আগবঢ়াই অসম ন্যায় সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা মীনাক্ষী শৰ্মাই।

এই শিৱিৰত গ্লডৰ সম্পাদক ৰাজিৱ শৰ্মা, ৰাজ্যিক আইন কোষৰ সম্পাদিকা গীতালি ৰাভা, নগাঁও জিলা ও সত্র ন্যায়াধীশ ৰীতা ক’ৰ, জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ বৰা আদিয়ে অংশগ্ৰহণ কৰে।

আনহাতে প্ৰশিক্ষণ শিৱিৰৰ শেষত নগাঁৱত মানৱ সৰবৰাহ ৰোধৰ ক্ষেত্রত জিলা ন্যায় সেৱা প্ৰাধিকাৰীৰ উদ্যোগত আৰু গ্লডৰ সহযোগত এখন শক্তিশালী সমিতি গঠন কৰা হয়।