NORTHEAST NOW (Assamese)
অসম

২৪ ঘণ্টাত দুটা দলত যোগদান বিজয়ী পঞ্চায়ত প্ৰাৰ্থীৰ, হাঁহিৰ খোৰাক পাইছে মাৰ্ঘেৰিটাৰ ৰাইজে

Posted by: মানস প্ৰতিম গগৈ December 16, 2018 9:18 pm

কোন দলৰ প্ৰাৰ্থী তেওঁ? এবাৰ যদি কংগ্ৰেছত যোগদান কৰাৰ ফটো দিছে ফে’চবুকত কেইঘণ্টা মানৰ পিছতে আকৌ বিজেপিৰ প্ৰাৰ্থী হিচাপে দিছে নিজৰ চিনাকি! হয়, মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ ভিতৰপাৱৈ গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ পৰা পঞ্চায়ত নিৰ্বাচনত উঠা এগদৰাকী প্ৰাৰ্থীৰ কাণ্ডই মাৰ্ঘেৰিটাৰ ৰাইজক যথেষ্ট আমোদৰ খোৰাক দিছে।

উল্লেখযোগ্য যে ভিতৰপাৱৈ গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ পৰা নিৰ্দলীয় বিজয়ী প্ৰাৰ্থীৰূপে নিৰ্বাচিত অবিনাশ কেৰকেতা নামৰ প্ৰাৰ্থীজনে কংগ্ৰেছত যোগদান কৰা বুলি ১৪ ডিচেম্বৰত দলটোৱে প্ৰচাৰ চলোৱাৰ লগতে দলটোৰ শীৰ্ষ নেতাৰ সৈতে ৰাজীৱ ভৱনত তোলা ফটো ফে’চবুকৰ জৰিয়তে প্ৰকাশ কৰিছিল।

কিন্তু ইয়াৰ বিপৰীতে আজি স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা আৰু সদৰ মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণৰ উপস্থিতিত অবিনাশ কেৰ্কেতাই বিজেপিত যোগদান কৰে বুলি দলটোৱে যোগদানৰ ফটোসহ সামাজিক মাধ্যমত প্ৰকাশ কৰে। তেওঁৰ সৈতে পঞ্চায়তখনৰ ১০ নং ৱাৰ্ডৰ নিৰ্দলীয় বিজয়ী প্ৰাৰ্থী সৰস্বতী তামাঙেও বিজেপিত যোগদান কৰে বুলি দলটোৱে প্ৰকাশ কৰে।

উল্লেখযোগ্য যে কেৰকেটাই বিজেপিৰ সদৰ মণ্ডলৰ সভাপতি লৈ যোগদানৰ বাবে আবেদন কৰি লিখা এখন পত্ৰত কালি  বজাৰলৈ আহি থাকোঁতে কংগ্ৰেছৰ কেইজনমান কৰ্মীয়ে তেওঁক টানি নি তেওঁলোকৰ দলীয় প্ৰতীক থকা গামোচা ডিঙিত পিন্ধাই ফে’চবুকত প্ৰকাশ কৰিছিল বুলি উল্লেখ কৰিছে।

কিন্তু ইয়াৰ বিপৰীতে আজি সাংবাদিকৰ আগত তেওঁক কংগ্ৰেছৰ সদস্যই বলপূৰ্বক ভাৱে কংগ্ৰেছীকৰণ কৰাৰ কথা অস্বীকাৰ কৰে যদিও বিজেপিত যোগদান কৰাৰ কথা স্বীকাৰ কৰিছে।