NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত অসমীয়া পৰম্পৰাগত জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন

Posted by: পাৰ্শ্বজ্যোতি গগৈ December 18, 2018 1:27 pm
Fashion Show

শিৱসাগৰ জিলাৰ ‘ৰামধেনু সাংস্কৃতিক গোষ্ঠী’ নামৰ অনুষ্ঠানটোৱে পোন প্ৰথম বাৰৰ বাবে শিৱসাগৰৰ জয়সাগৰত অসম ভিত্তিত অসমীয়া পৰম্পৰাগত জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

অহা ২২ ডিচেম্বৰত জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয় প্ৰতিযোগিতাখনত প্ৰতিযোগীসকলে যাতে সফল ভাৱে অংশ গ্ৰহণ কৰিব পাৰে তাৰ বাবে ২০ আৰু ২১ ডিচেম্বৰত দুদিনীয়াকৈ প্ৰতিযোগীসকলক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থাও কৰিছে সাংস্কৃতিক অনুষ্ঠানটোৱে।

উক্ত প্ৰতিযোগিতাখন ‘মেগা মিছ্ গ্ৰীণ আসাম’ নামেৰে নামাকৰণ কৰা হৈছে বুলি উদ্যোক্তা তথা মুখ্য ব্যৱস্থাপক দিপ্তী বৰাই এক প্ৰেছ বাৰ্তা যোগে জানিবলৈ দিছে। প্ৰতিযোগিতাখন কিডছ, মিছ আৰু মিছেছ এই তিনিটা শাখাত অনুষ্ঠিত হ’ব।

প্ৰতিযোগিতাখনত  অসমৰ প্ৰতিখন জিলাৰ চহৰ আৰু গাঁও অঞ্চলৰ প্ৰতিভাৱান যুৱক-যুৱতী সকলে অংশগ্ৰহণ কৰিব পাৰিব। উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে অসমৰ প্ৰায় কেইখন জিলাৰ পৰা প্ৰতিযোগীয়ে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে।

ইফালে প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ৯১০১৭৮৪৮৭২ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাৰ ফালৰ পৰা আহ্বান জনাইছে।

আনহাতে ৪ বছৰৰ পৰা ১২ বছৰীয়া শিশু সকলব বাবে ভৰ্ত্তি মাচুল হব ৮০০ টকা আৰু মহিলাৰ ক্ষেত্রত বয়সৰ সীমা নৰখাকৈ ভৰ্ত্তি মাচুল ১২০০ টকা নিৰ্ধাৰণ কৰাৰ লগতে ২২ ডিচেম্বৰৰ মূল প্ৰতিযোগিতাখনি বিয়লি ৪ বজাৰ পৰা আৰম্ভ হ’ব বুলি উল্লেখ কৰিছে আয়োজক সমিতিয়ে।