NORTHEAST NOW (Assamese)
অসম

বনৰীয়া হাতীৰ তাণ্ডৱৰ মাজতে নেৰানেপেৰা বৰষুণত জুৰুলা গোৱালপাৰাৰ কৃষক ৰাইজ

Posted by: নীলমণি শৰ্মা December 18, 2018 5:48 pm
Krisnai

গোৱালপাৰা জিলাৰ কৃষক ৰাইজক এইবাৰ যেন দুৰ্গতিয়ে লগ নেৰা হৈছে। বাৰিষাৰ বানপানী আৰু শুৰপোকৰ আক্ৰমণৰ পিছত এতিয়া সোণোৱালী সোণ গুটি চপোৱাৰ সময়ত পথাৰত বনৰীয়া হাতীৰ আক্ৰমণে কৃষক ৰাইজক একপ্ৰকাৰ জুৰুলা কৰি পেলাইছে।

আজি প্ৰায় এমাহ ধৰি নিশা দুপৰলৈকে হাতী খেদাত ব্যস্ত থকা কৃষক সকলক বিগত দুটা দিনে চলি থকা নেৰানেপেৰা বৰষুণে ত্ৰাহি-মধুসূদন দেখুৱাইছে। নিশা হাতীয়ে গছকি যোৱা খেতি দৰা আজি বৰষুণত তিতি বুৰিয়েই কাটিব লগা হৈছে ৰাইজে।

ইৰাৰ উপৰি নেৰানেপেৰা বৰষুণৰ বাবে ঘৰৰ চোতালত দ’মাই থোৱা ডাঙৰি নষ্ট হোৱাৰ উপক্ৰম হৈছে৷ ইফালে ধাৰাসাৰ বৰষুণে শেহতীয়াভাবে বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ।

মুঠতে শান্তি নাই কৃষকৰ মনত। এনে অৱস্থাত কৃষ্ণাইৰ বহু অঞ্চলৰ খেতিয়ক সকলে এতিয়া মুৰে কপালে হাত দিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।