NORTHEAST NOW (Assamese)
অসম

ছাত্ৰ-ছাত্ৰীৰ স্কুলবেগৰ ওজন হ্ৰাস কৰাৰ জাননী অসমৰ শিক্ষা বিভাগৰ

Posted by: এন ই নাও নিউজ December 18, 2018 6:05 pm
School-children-carry-heavy-bags

শেহতীয়াভাৱে অসমৰ শিক্ষা বিভাগে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কঢ়িয়াব লগীয়া সৰ্বোচ্চ ওজন সম্পৰ্কে এটা জাননী জাৰি কৰিছে। উক্ত জাননী অনুসৰি, প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে সৰ্বোচ্চ ওজন ১.৫ কেজি, তৃতীয় আৰু ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে সৰ্বোচ্চ ৩ কেজি, ৫ম আৰু ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে ৪ কেজি আৰু ৮ম, ৯ম আৰু ১০ম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে কঢ়িয়াবলগীয়া সৰ্বোচ্চ ওজন হৈছে ৫ কেজি।

জাননীখনত কোৱা হৈছে যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কোনো গৃহকৰ্ম কৰিবলৈ দিয়া নহ’ব। নিৰ্দেশাৱলীত আৰু কোৱা হৈছে যে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ শিক্ষাৰ্থীক কেবল ভাষা আৰু গণিতৰ শিক্ষা প্ৰদান কৰা হ’ব। জাননীখনত আৰু কোৱা হৈছে যে তৃতীয় মানৰ পৰা পঞ্চম মানলৈকে এনচিইআৰটি/এছচিইআৰটিয়ে বিধান দিয়া অনুসৰি ভাষা, পৰিৱেশ বিজ্ঞান আৰু গণিতৰ শিক্ষা প্ৰদান কৰা হ’ব।

জাননীখনত আৰু কোৱা হৈছে যে গৃহকৰ্ম দিয়া আৰু প্ৰথম মানৰ পৰা পঞ্চম মানলৈকে অনিৰ্ধাৰিত বিষয় অন্তৰ্বুক্ত কৰা বিদ্যালয়ৰ অনুমোদন বাতিল কৰা হ’ব।

বিদ্যালয়সমূহে শিক্ষাৰ্থীসকলে তেওঁলোকৰ শ্ৰেণীৰ সময়সূচী অনুসৰি কি কি কিতাপ বিদ্যালয়লৈ আনিব লাগিব লাগিব তাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক আগতীয়াকৈ জনাব লাগিব।

ছাত্ৰ-ছাত্ৰীসকলে কেনে ধৰণৰ স্কুলবেগ ব্যৱহাৰ কৰিব লাগিব সেই সম্পৰ্কেও তেওঁলোকক অৱগত কৰিব লাগিব আৰু যাতে ছাত্ৰ-ছাত্ৰীয়ে অনাৱশ্যক সামগ্ৰী কঢ়িয়াই নানে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

জাননী অনুসৰি বিদ্যালয়মূহে এই নিয়মসমূহ পালন কৰিছে নাই সেয়া পৰিদৰ্শন কৰাৰ বাবে শিক্ষা বিভাগে জিলা আৰু খণ্ড পৰ্যায়ত ইতিমধ্যে বিশেষ স্কোৱাড গঠন কৰিছে।

জিলা পৰ্যায়ৰ বিশেষ স্কোৱাডৰ অধ্যক্ষতা কৰিব জিলা উপায়ুক্তই। সদস্য সচিব হিচাপে থাকিব বিদ্যালয় পৰিদৰ্শক। আন ৪গৰাকী সদস্য থাকিব আৰক্ষী অধীক্ষক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা সমাজ কল্যাণ বিষয়া আৰু জিলা উপায়ুক্তই মনোনীত কৰা এগৰাকী শিক্ষাবিদ।

খণ্ড পৰ্যায়ৰ বিশেষ স্কোৱাডত অধ্যক্ষতা কৰিব চক্ৰ বিষয়াগৰাকীয়ে আৰু সদস্য সচিবৰ দায়িত্ব পালন কৰিব খণ্ড পৰ্যায়ৰ প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে। ৪গৰাকী সদস্য হ’ব আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া, খণ্ড উন্নয়ন বিষয়া, শিশু বিকাশ প্ৰকল্প বিষয়া আৰু চক্ৰ বিষয়াগৰাকীয়ে মনোনীত কৰা এগৰাকী শিক্ষাবিদ।