NORTHEAST NOW (Assamese)
অসম

নগাঁৱত বিলাতী সুৰা কঢ়িয়াই নিয়া বাহন দুৰ্ঘটনাগ্ৰস্ত; এজন নিহত

Posted by: মিণ্টু দাস December 18, 2018 9:26 pm
nagaon road accident

নগাঁও জিলাৰ কঠিয়াতলিত আজি পুৱতি নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, বিলাতী সুৰা কঢ়িয়াই নিয়া এ এছ ০১ জি চি-৯১৫১ নম্বৰৰ এখন বলেৰ’ পিক-আপ ভানে নগাঁও চহৰৰ দিশৰ পৰা হোজাই অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাটোৰ ফলত গাড়ীখনৰ চালক ধীৰেন বৰা থিতাতে নিহত হয়। চালক ধীৰেন বৰাৰ ঘৰ নগাঁও জিলাৰ বঢ়মপুৰ হাতীঅনি ভেটা অঞ্চলত।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত স্থানীয় ৰাইজে পথৰ ওপৰতে চূৰ্ণ-বিচূৰ্ণ অৱস্থাত বলেৰ’ পিক-আপ ভানখন প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখন উদ্বাৰ কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

দুৰ্ঘটনাটোত কি কাৰণত কেনেকৈ সংঘটিত হ’ল সেই কথা জানিব পৰা হোৱা নাই যদিও ঘন কুঁ‌ৱলিৰ বাবেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।