NORTHEAST NOW (Assamese)
অসম

শ্ৰমিকৰ দুয়োটা ভৰিৰ মঙহ কামুৰি নিলে কাজিৰঙাৰ গঁড়ে

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 18, 2018 8:14 pm
kaziranga

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা ৰে’ঞ্জত গবৰাই বন শিবিৰত মঙলবাৰে গঁড়ৰ আক্ৰমণত আহত হৈছে শিবিৰটোত কৰ্মৰত শ্ৰমিক চেনীৰাম গগৈ।

শ্ৰমিক গগৈৰ দুয়োটা ভৰিৰে পৰা এচোৱাকৈ মঙহ কামুৰি এৰুৱাই নিয়ে আক্ৰমণকাৰী গঁড়টোৱে।

গুৰুতৰভাৱে আহত শ্ৰমিকজনক তৎকালীনভাৱে বোকাখাত অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উচ্চ চিকিৎসাৰ বাবে গোলাঘাটৰ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ কৰ্তৃপক্ষই প্ৰেৰণ কৰে।

কহঁৰাৰ মহপৰাৰ নিবাসী গগৈয়ে শিবিৰটোৰ মেৰামতিৰ কাম কৰি থকা অৱস্থাতেই তলতে থকা গঁড়টোৱে আক্ৰমণ কৰে।