NORTHEAST NOW (Assamese)
অসম

অনাথ আশ্ৰমতে যৌন নিৰ্যাতন খোদ পৰিচালকৰ, শিৱসাগৰত আত্মহত্যাৰ চেষ্টা কিশোৰীৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ December 19, 2018 9:11 pm

তিনিমাহৰ পূৰ্বেই অনাথ আশ্ৰমত একেৰাহে ৪০ দিন যৌন আতিশয্যৰ বলি হৈ ন্যায় লাভ নকৰাত মানসিকভাৱে হতাশগ্ৰস্ত হৈ নিজৰ হাতত মোক ন্যায় লাগে বুলি লিখি আত্মহত্যাৰ চেষ্টা চলায়। সম্প্ৰতি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে কিশোৰী গৰাকী।

উল্লেখযোগ্য যে শিৱসাগৰ জয়সাগৰস্থিত স্বপ্নালয় নামৰ অনাথ আশ্ৰমখনৰ পৰিচালক পৰাগ গোস্বামীয়ে আশ্ৰমখনৰে এগৰাকী কিশোৰীক নেমুপানীৰ লগত নিচাযুক্ত দ্ৰব্য খুৱাই একেৰাহে ৪০ দিন যৌন আতিশয্য চলাইছিল। এই অভিযোগ উত্থাপন কৰে আশ্ৰমখনৰ কিশোৰী গৰাকীয়ে।

আনহাতে তিনিমাহৰ পূৰ্বেই পোহৰলৈ অহা এই ঘটনাৰ সন্দৰ্ভত ঐক্য সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে স্বপ্নালয়ৰ পৰিচালক পৰাগ গোস্বামীৰ বিৰুদ্ধে  ২ ছেপ্তেম্বৰত শিৱসাদৰ থানাত এজাহাৰ দাখিল কৰিছিল। ফলত পৰিচালকজনৰ বিৰুদ্ধে ৮৯৭/১৮ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/৩৫৪/৩৪ আৰু লগতে পক্স’ আইনৰ অধীনত ধাৰা ১০ ত জামিন বিহীন গোচৰ ৰুজু হৈছিল।

মন কৰিব লগীয়া যে পৰাগ গোস্বামীৰ কবলৰ  পৰা পলাই আহি ৰংঘৰ চাৰিআলিস্থিত কৌমুদালয় শিশু আশ্ৰয় গৃহত থকা কিশোৰী গৰাকীৰ অভিযোগৰ ভিত্তিত  শিৱসাগৰ জিলা উপায়ুক্তই নিজেই ঘটনাৰ সন্দৰ্ভত ভাষ্য গ্ৰহণ কৰিছিল আৰু ভুক্তভোগী কিশোৰী গৰাকীক ন্যায় প্ৰদান কৰিব বুলি আশ্বাস প্ৰদান কৰিছিল। ঠিক সেই দৰেই শিৱসাগৰ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক এগৰাকীয়েও গৈ কিশোৰী গৰাকীৰ পৰা ভাষ্য গ্ৰহণ কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিব বুলি কৈছিল।

কিন্তু আজি পৰ্য্যন্ত কিশোৰী গৰাকীয়ে ন্যায় নোপোৱাত মানসিকভাৱে হতাশগ্ৰস্ত হৈ নিজৰ হাতত মোক ন্যায় লাগে বুলি লিখি আজি আত্মহত্যাৰ চেষ্টা চলায়।

ইফালে আজিৰ ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰিছে শিৱসাগৰ অসামৰিক চিকিৎসালয়। ঐক্য সেনা আৰু বীৰ লাচিত সেনাৰ শতাধিক সদস্যই স্বপ্নালয়ৰ পৰিচালকৰ গ্ৰেপ্তাৰৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু ২৪ ঘন্টাৰ ভিতৰত পৰাগ গোস্বামীক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনক সময়সীমা বান্ধি দিয়ে। অন্যথা যি কোনো পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন দায়ী হব বুলি হুংকাৰ দিয়ে সংগঠন দুটাই।