NORTHEAST NOW (Assamese)
অসম

পাঠশালাত দিন দুপৰতে ডকাইতি : বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা ডেৰ লাখ টকা লুট

Posted by: শশাংক তালুকদাৰ December 20, 2018 7:28 pm
loot-570x320

আজি দিন দুপৰতে প্ৰায় ১ বজাত পাঠশালা আৰু পাটাছাৰকুছিৰ মাজত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰকাচক’ত দিন ডাকাইতৰ দৰে ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে আজি দুপৰীয়া ১ বজাত এখন নম্বৰ প্লেট বিহীন পালছাৰ মটৰচাইকেলেৰে অহা দুজনীয়া এটা দুৰ্বৃত্তৰ দলে পিষ্টল দেখুৱাই মূৰত আঘাত কৰি এজন যুৱকৰ পৰা ডেৰ লাখ টকা লুটি নিয়ে।

দুজনীয়া দুৰ্বৃত্তৰ দলটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত যুৱকজন বন্ধন বেংকৰ কৰ্মচাৰী হীৰক জ্যোতি কলিতা বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ঘটনা সন্দৰ্ভত অৱগত হৈ পাটাছাৰকুছি আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰিছে। লগতে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

ইফালে পাঠশালাৰ দৰে অঞ্চলত এনেদৰে দিন দুপৰতে ডকাইতিৰ ঘটনা সংঘটিত হোৱাত স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে।