NORTHEAST NOW (Assamese)
অসম

অসম-অৰুণাচল সীমান্তৰ বালিজান গ্রান্টৰ পৰা আটক আলফা স্বাধীনৰ সদস্য

Posted by: এন ই নাও নিউজ December 21, 2018 12:54 pm
48411342_966846200372829_6275023184542564352_n

অসম-অৰুণাচল সীমান্তৰ বালিজান গ্ৰাণ্টৰ পৰা আলফা স্বাধীনৰ এজন সদস্যক আটক কৰা হৈছে। সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত আলফা স্বাধীনৰ সদস্যজনক আটক কৰা হয়।

আনহাতে, সেনা-আৰক্ষীৰ হাতত আটক সদস্যজনৰ নাম দ্বীপ অৰিন্দম মদন বুলি জানিব পৰা গৈছে। অভিযানকাৰী দলটোৱে ধৃত সদস্যজনৰ পৰা ২ কিলোগ্ৰাম আৰ ডি এক্স, এটা ফিউজ মিটাৰ, দুটা ডিট’নেটৰ, এটা পিষ্টল আৰু তিনিজাঁই সজীৱ গুলী জব্দ কৰে।

ইপিনে, সমগ্ৰ অঞ্চলটোত সেনা-আৰক্ষীয়ে উগ্ৰপন্থী বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে।

উল্লেখযোগ্য যে অসমত শেহতীয়াভাৱে আলফালৈ(স্বাঃ) কিছু যুৱ প্ৰজন্ম আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনৰ বিভিন্ন অংশত কিছু যুৱকে নিষিদ্ধ ঘোষিত সংগঠনটোত যোগদান কৰাৰ বাতৰি প্ৰকাশ পাই আহিছে।

যোৱা নৱেম্বৰ মাহত কৰিশ্মা মেচ নামৰ জাগুন হাইস্কুলৰ দশম মানৰ ছাত্ৰীগৰাকীয়ে নিষিদ্ধ বিদ্ৰোহী সংগঠন আলফাত (স্বাঃ) যোগদান কৰাৰ পাছতে কৰিশ্মাৰ চুবুৰীয়া চন্দ্ৰ বুঢ়াগোহাঁই নামৰ যুৱক এজনে আলফাত (স্বা:) যোগ দিয়াৰ বাতৰি পোহৰলৈ আহিছিল।

ইয়াৰ পূৰ্বে যোৱা অক্টোবৰ মাহত গোলাঘাট জিলাৰ দেৰগাৱঁৰ এজন তৰুণ যুৱকে আলফা (স্বাঃ)ত যোগদান কৰাক লৈ সমগ্ৰ অসম জুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। বিশেষকৈ আলফা (স্বাঃ)ত যোগদান কৰাৰ পিছত আলফা (স্বাঃ)ৰ শিবিৰৰ পৰা প্ৰেৰণ কৰা যুৱকজনৰ স্বীকাৰোক্তি সম্বলিত এটা ভিডিঅ’ই ছ’চিয়েল মিডিয়াত এক প্ৰকাৰৰ তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছিল।

পংকজ প্ৰতীম দত্ত নামৰ সেই যুৱকজনৰ ঘৰ আছিল গোলাঘাট জিলাৰ দেৰগাৱঁত। আলফা (স্বাঃ)ত যোগদান কৰাৰ আগলৈকে তেওঁ দেৰগাওঁ আঞ্চলিক ছাত্ৰ সন্থাৰ উপ সভাপতিৰ পদত আছিল।

এইদৰে শেহতীয়াকৈ আৰু অনেক যুৱক আলফা স্বাধীনত যোগদান কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ লগতে মাজে সময়ে সেনা-আৰক্ষীৰ হাতত উগ্ৰপন্থী সংগঠনটোৰ সদস্য আটক হোৱাৰ বাতৰিও প্ৰকাশ পাই আহিছে।