NORTHEAST NOW (Assamese)
অসম

ছুইচাইদ ন’টত জুবিন: নৰ্থ ইষ্ট নাও-ত প্ৰথম প্ৰতিক্ৰিয়া পত্নী গৰিমাৰ

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক December 21, 2018 8:56 pm
Assam singer Zubeen's name in 'Suicide note': Northeast Now brings first reaction of wife Garima

জন্মৰ দিনতে গুৱাহাটীস্থিত নিজ ঘৰত “আত্মহত্যা” কৰা কংগ্ৰেছ নেতা, ব্যৱসায়ী অনুপম বৰদলৈৰ “ছুইছাইদ ন’ট”ত “জুবিন গাৰ্গ”ৰ নাম থকাক লৈ চলিত চৰ্চাৰ মাজত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মুখ খুলিছে পত্নী গৰিমা শইকীয়া গাৰ্গে।

“আত্মহত্যাকাৰী” বৰদলৈৰ সৈতে জুবিনৰ কোনো চিনাকী নাছিল বুলি নৰ্থ ইষ্ট নাও-ক জনাইছে শইকীয়াই।

“অনুপম বৰদলৈৰ সৈতে জুবিন গাৰ্গৰ কোনো চা-চিনাকী নাছিল। কেৱল এটা চিত্ৰগ্ৰহণৰ বাবে কিছুদিন আগত চিন্ময়ী বৰদলৈৰ কোম্পানিয়ে যোগাযোগ কৰিছিল আৰু সেইমতে সিদিনা পুৱা চিত্ৰ গ্ৰহণৰ বাবে খাৰঘুলিলৈ জুবিনক লৈ গৈছিল। কিন্তু অনুপম বৰদলৈৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে সেই কাম সমাধা নকৰাকৈ তেওঁলোক উভতি আহিছিল। জুবিনে নিজে চিনি নোপোৱাৰ পাছতো নাম কিয় সাঙোৰ খালে তেওঁ বুজিয়ে পোৱা নাই,” শইকীয়াৰ মন্তব্য।

লগতে পঢ়ক– জুবিনৰ নাম কিয়? ‘চুইছাইদ’ ন’টৰ বাতৰিত ব্যাপক প্ৰতিক্ৰিয়া

ঘটনাটোত অন্য প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া জুবিনৰ একোৱেই নাই বুলি উল্লেখ কৰি জনপ্ৰিয় গায়কজনৰ পত্নী তথা ফেশ্বন ডিজাইনাৰগৰাকীয়ে লগতে কয়, “আমি আৰক্ষী আৰু আইনৰ ওপৰত বিশ্বাস ৰাখিছো এই ঘটনাৰ উচিত তদন্ত হওক।”

গীতানগৰ থানাত “অস্বাভাৱিক মৃত্যু”ৰ এক গোচৰ নিজাববীয়াকৈ ৰুজু কৰি ঘটনাটোৰ তদন্ত কৰি আছে মহানগৰ আৰক্ষীয়ে, সংবাদ মাধ্যমত মন্তব্য গুৱাহাটীৰ যুটীয়া আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ।

বৰাই লগতে জনাই যে বৰদলৈৰ উদ্ধাৰ হোৱা “ন’ট”টো ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু আৰক্ষীয়ে পৰ্য্যায়ক্ৰমে ঘটনাটোৰ তদন্ত কৰিব।

জন্মৰ দিনতে গুৱাহাটীৰ এ আই দি চিত থকা নিজ ঘৰত “আত্মহত্যা” কৰা বৰদলৈৰ “ছুইছাইদ ন’ট”ত জনপ্ৰিয় গায়কগৰাকীৰ লগতে আন দুগৰাকী মহিলাৰ নাম থকা বুলি অসমৰ News18 Northeast নামৰ টিভি চেনেলটোৱে পৰিৱেশন কৰা বাতৰিয়ে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।