NORTHEAST NOW (Assamese)
অসম

অতুলচন্দ্ৰ বৰুৱা আৰু চৈয়দ আব্দুল মালিকৰ জন্মশতবৰ্ষ অনুষ্ঠানৰ আয়োজন সাহিত্য সভাৰ

Posted by: এন ই নাও নিউজ December 22, 2018 4:38 pm
Atul chandra baruah syed abdul malik

অসমীয়া সাহিত্যজগতলৈ অনবদ্য অৱদান আগবঢ়াই যোৱা দুগৰাকী বৰেণ্য সাহিত্যিক অতুলচন্দ্ৰ বৰুৱা আৰু চৈয়দ আব্দুল মালিকলৈ অহা ক্ৰমে ২৫ ডিচেম্বৰ আৰু ১৩ জানুৱাৰিত জন্মশতবৰ্ষৰ শ্ৰদ্ধা নিৱেদন কৰিব অসম সাহিত্য সভাই।

অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই শুকুৰবাৰে এক বিবৃতিত এই কথা প্ৰকাশ কৰি কয় যে অতুলচন্দ্ৰ বৰুৱা আৰু চৈয়দ আব্দুল মালিক অসমীয়া সাহিত্যজগতৰ দুগৰাকী পুৰোধা ব্যক্তি।

উল্লেখযোগ্য যে অসম সাহিত্য সভাৰ হাজো অধিৱেশনত সভাপতিত্ব কৰা তথা সাহিত্যতত্ত্ব, লোকসংস্কৃতি আৰু বিভিন্ন বিষয়ক কেইবাখনো অমূল্য গ্ৰন্থৰে সুকীয়া স্থান দখল কৰোঁতা অতুলচন্দ্ৰ বৰুৱাই অসমৰ অনন্য পৰিবেশ্য কলা ওজাপালিক প্ৰথমবাৰৰ বাবে বিশ্বদৰবাৰলৈ উলিয়াই নিছিল।

সেয়ে ২৫ ডিচেম্বৰৰ মৃত্যুতিথিৰ দিনটোত অসম সাহিত্য সভাই শ্ৰদ্ধাৰে তেওঁক সোঁৱৰণ কৰাৰ লগতে জন্মশতবৰ্ষৰ শ্ৰদ্ধা নিৱেদন কৰাৰ অৰ্থে প্ৰতিটো কাৰ্যালয়তে শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন কৰিবলৈ আটাইকেইটা কাৰ্যালয়ৰ সম্পাদকক আহ্বান জনাইছে।

তদুপৰি বিবৃতিটোত লগতে কোৱা হৈছে যে অসম সভাৰ সভাৰ আন এগৰাকী প্ৰাক্তন সভাপতি পদ্মশ্ৰী, পদ্মবিভূষণ চৈয়দ আব্দুল মালিকৰ জন্মশতবৰ্ষৰ অনুষ্ঠান নাহৰণিত বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপায়ণ কৰাৰ পিছত যোৰহাট, নগাঁও, ধুবুৰী আদিত সামৰণি অনুষ্ঠান সম্পন্ন কৰা হ’ব।

‘ধন্য নৰ তনু ভাল’, ‘ৰূপতীৰ্থৰ যাত্ৰী’ আদি তিনিকুৰি উপন্যাসৰ উপৰি বহু গল্পপুথি, কবিতাপুথি আদিৰ স্ৰষ্টা মালিকৰ জন্মশতবৰ্ষৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ১৩ জানুৱাৰিত প্ৰতিটো কাৰ্যালয়তে শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানৰ আয়োজন কৰিবলৈ সাহিত্য সভাই প্ৰতিগৰাকী সম্পাদকলৈ আহ্বান জনাইছে।