বন এৰি মহানগৰৰ প্ৰেমত মেকুৰীক বাঘ বোলা কাজিৰঙাৰ সঞ্চালক

বন এৰি গুৱাহাটীৰ কংক্ৰিটৰ অৰণ্যত বাস কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদ্বীপ বৰুৱাক লৈ নিজ বিভাগতে সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ।
মেকুৰীকে বাঘ বুলি কৰা মন্তব্যৰে পূৰ্বে এবাৰ বিতৰ্কৰ আবৰ্তত সোমাই পৰা উদ্যান সঞ্চালক বৰুৱাই কাজিৰঙাৰ সলনি দিন কটাই গুৱাহাটীত, নহ’লে তেওঁৰ সময় যায় প্ৰমোদ ভ্ৰমণত।
বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কাজিৰঙাত যোৱা ১৫ ডিচেম্বৰত চোৰাং চিকাৰীৰ হাতত এটা গঁড় নিহত হোৱা ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ পৰতে বন বিভাগৰ বিষয়া-কৰ্মচাৰীয়েই এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে তামিলনাডুৰ কেদাৰৰ আই এফ এছগৰাকীৰ বিৰুদ্ধে।
শেহতীয়াকৈ উদ্যানখনত হৈ যোৱা দল হৰিণ আৰু জলচৰ পক্ষীৰ অতি গুৰুত্বপূৰ্ণ গণনা দুটাতো কাজিৰঙাত নাছিল সঞ্চালক বৰুৱা। সূত্ৰ মতে সঞ্চালকগৰাকীয়েই উদ্যানত অনুপস্থিত থকাৰ ফলত ব্যাপক অসুবিধাৰ সন্মুখীন হ’ব লগা হয় বিভাগটো।
বিশ্বখ্যাত এশিঙীয়া গড়ৰ আৱাসভূমি তথা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ সুৰক্ষা আৰু পৰিচালনাৰ গুৰুত্বপূৰ্ণ দায়িত্ব কনিষ্ঠ বিষয়াক সঁপি বিভিন্ন অজুহাতত নিজৰ কৰ্তব্যথলীৰ পৰা আঁতৰি থাকে বৰুৱা, দাবী বিভাগীয় সূত্ৰটোৰ।
কাজিৰঙাৰ বহু বনকৰ্মীয়ে তেওঁক আনকি সঞ্চালক হিচাপে চিনি নাপায়।
গুৱাহাটীৰ বাসিন্দা বৰুৱাই ২০১৭ চনত ডেপুটে’চনত কাজিৰঙাত সঞ্চালক হিচাপে যোগদান কৰিছিল৷
বিষয়াজনৰ বিৰুদ্ধে এতিয়ালৈকে কোনো অভিযোগ পোৱা নাই বুলি জনাইছে বন মন্ত্ৰী শুক্লবৈদ্যই। কিন্তু চলিত তদন্তৰ প্ৰতিবেদনৰ পিছতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ কথা সদৰী কৰিছে মন্ত্ৰীগৰাকীয়ে।
“মই শেহতীয়াকৈহে বন বিভাগৰ দায়িত্ব লৈছো। অলপ দিন আগতে তাত হোৱা গঁড় হত্যাৰ ঘটনাটো মই তদন্ত কৰিবলৈ দিছো আৰু সুৰক্ষাত বিফলতাৰ কাৰণ উলিয়াই সেইবোৰ ঠিক কৰিবলৈ কৈছো,” শুক্লবৈদ্যৰ মন্তব্য।