NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী গ্ৰন্থমেলাৰ প্ৰথম দিনটোতে লেখক টুনুজ্যোতি গগৈৰ গ্ৰন্থ উন্মোচন

Posted by: এন ই নাও নিউজ December 22, 2018 11:44 pm
Tunujyoti_Book Release

আজি গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয় খেলপথাৰত আৰম্ভ হোৱা প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা প্ৰাংগণত লেখক টুনুজ্যোতি গগৈৰ এখন গ্ৰন্থ উন্মোচন হয়। ‘আমাৰ অসম : সপোন, বাস্তৱ আৰু সংগ্ৰাম’ নামৰ এই গ্ৰন্থখন উন্মোচন কৰে  লেখক পৰমানন্দ মজুমদাৰ আৰু সাংবাদিক মনোৰম গগৈয়ে৷

AmarAsom

অসমৰ পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিয়ে অসম আৰু অসমীয়া জাতিলৈ অস্তিত্বৰ সংকট কঢ়িয়াই অনাৰ মুহূৰ্তত অসমীয়াৰ সংজ্ঞা, অসমীয়া জাতীয়তাবাদ নিৰ্মাণৰ পটভূমি, জাতিগঠন প্ৰক্ৰিয়াত ৰৈ যোৱা ত্ৰুটি-বিচ্যুতি, অসমৰ জনগোষ্ঠীসমূহৰ আত্মসবলীকৰণৰ প্ৰয়াস, বৃহত্তৰ অসমীয়া জাতিৰ সমস্যা আৰু জাতিটোৰ অন্তৰ্ভুক্ত ভিন্ন জনগোষ্ঠীবোৰৰ সমস্যা, অসমৰ প্ৰতি কেন্দ্ৰৰ চৰকাৰবোৰৰ দৃষ্টিভংগি আদি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত লেখকৰ বিশ্লেষণাত্মক প্ৰবন্ধই গ্ৰন্থখনত ঠাই পাইছে।

গ্ৰন্থখনত সন্নিৱিষ্ট ৰচনাবোৰত লেখক গগৈক পাঠকে এজন প্ৰগতিশীল চিন্তাৰ ব্যক্তি হিচাপে বিচাৰি পোৱাৰ লগতে অসমৰ পৃষ্ঠভূমিত ৰাজনৈতিক-সামাজিক আৰু অৰ্থনৈতিক গুৰুত্ব থকা বহুকেইটা প্ৰবন্ধত তেওঁৰ চিন্তাৰ পৰিপক্বতাও বিচাৰি পোৱাৰ সম্ভাৱনা আছে।

গ্ৰন্থখন প্ৰকাশ কৰিছে জালুকবাৰীৰ পূৰ্বায়ণ প্ৰকাশনে। গ্ৰন্থমেলাত থকা পূৰ্বায়ণ প্ৰকাশনৰ বিপণিত গ্ৰন্থখন উপলব্ধ হ’ব বুলি প্ৰকাশন গোষ্ঠীটোৱে জানিবলৈ দিছে।