NORTHEAST NOW (Assamese)
অসম

পক্ষীৰ কলৰৱত মুখৰিত চৌদিশ : সেউজ প্ৰাধিকৰণৰ হস্তক্ষেপ বিচাৰি কলেজ কৰ্তৃপক্ষৰ পত্ৰ

Posted by: মিণ্টু দাস December 24, 2018 10:33 pm

শীতৰ আগমনৰ লগে লগে অসমৰ জলাশয়সমূহ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰে ভৰি পৰে। পক্ষীৰ মনোৰম নৃত্য আৰু কোলাহলে মুগ্ধ কৰে সকলোকে। ইয়াৰ পৰা বাদ পৰি নগ’ল নগাঁও মহাবিদ্যালয় চৌহদো।

বিগত বৰ্ষসমূহৰ দৰে এইবাৰো নগাঁও মহাবিদ্যালয়স্থিত প্ৰায় ১ হেক্টৰ বৰ্গৰ বৃহৎ জলাশয়টোলৈ জাকে জাকে পৰিভ্ৰমী চৰাইৰ আগমন ঘটিছে আৰু মুগ্ধ কৰিছে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ আৰু যান্ত্ৰিকতাৰ মাজত থকা সদাব্যস্ত নাগৰিকক।

মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে উল্লেখ কৰে যে মহাবিদ্যালয়ৰ ফালৰ পৰা ইতিমধ্যে পক্ষীকুলক সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে বিভিন্ন পদক্ষেপ লোৱা হৈছে। তেওঁ কয় যে জলাশয়টোৰ লগতে সমগ্ৰ চৌহদটো সেউজকৰণৰ অৰ্থে ধাৰাবাহিকভাৱে বৃক্ষৰোপণৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। যাৰ ফলত প্ৰতি বছৰে আলহী-পক্ষীৰ আগমন বৃদ্ধি পাইছে।

Nagaon Bird.docx photo.jpg 2
নগাঁও মহাবিদ্যালয় চৌহদত পৰিভ্ৰমী পক্ষীৰ জাক। ফটো : নৰ্থইষ্ট নাও

তদুপৰি জিলা উপায়ুক্তলৈ জলাশয়টোৰ চৌপাশ ”SILENT ZONE” হিচাপে ঘোষণা কৰিবৰ বাবে আবেদন জনায় আৰু উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰে। লগতে তেওঁ ব্যক্ত কৰে যে পক্ষীকুলৰ সুৰক্ষা আৰু সমগ্ৰ চৌপাশটো সংৰক্ষণৰ বাবে ”ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণ”লৈও ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে।

দেওবাৰে এক সজাগতা সভাত নগাঁও কলেজৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ললিত গগৈ, নগাঁও কলেজৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ চিন্তামণি শৰ্মা, অসম বিজ্ঞান সমিতি নগাঁও-কলংপাৰ শাখাৰ সাধাৰণ সম্পাদক ড০ ভুবন চন্দ্ৰ চুতীয়া আৰু প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ জ্যোতিস্মিতা দাসকে প্ৰমুখ্য কৰি ছাত্ৰ-ছাত্ৰী আৰু কলেজখনৰ কৰ্মচাৰীসকলৰ উপস্থিতিত জলাশয়টো আৰু পৰিভ্ৰমী পক্ষীকুলৰ সুৰক্ষা আৰু পৰ্যবেক্ষণৰ ওপৰত বিশদ আলোচনা কৰা হয়।

ড০ চুতীয়াই নগাঁও কলেজৰ প্ৰাণীবিজ্ঞান বিভাগ, অসম বিজ্ঞান সমিতিৰ নগাঁও-কলংপাৰ শাখা, ‘জুল’জিকেল চ’চাইটি অৱ আছাম’ নগাঁও কলেজ গোটৰ যৌথ প্ৰচেষ্টাত কলেজ চৌহদত পক্ষী-জৰীপৰ তথ্য সদৰি কৰি কয় যে ইতিমধ্যে কলেজ চৌহদত প্ৰায় ৪৫ বিধ বিভিন্ন প্ৰজাতিৰ পক্ষী উপলব্ধ বুলি তথ্য প্ৰকাশ পাইছে আৰু ইয়াৰ ভিতৰত প্ৰায় ১২ বিধ স্থানীয় পৰিভ্ৰমী পক্ষী প্ৰতিবছৰে শীতৰ আগমনৰ লগে লগে কলেজ চৌহদলৈ আগমন ঘটে।

ড০ চিন্তামণি শৰ্মাই কলেজ কৰ্তৃপক্ষৰ মহান প্ৰচেষ্টাক আদৰণি জনোৱাৰ লগতে সকলোকে সহযোগিতাৰ বাবে আহ্বান কৰে। শেষত অধ্যক্ষ ড০ বৰকটকী আৰু অসম বিজ্ঞান সমিতিৰ নগাঁও-কলংপাৰ শাখাৰ সম্পাদক ড০ চুতীয়াই আগন্তুক ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষত ফটকা-আতচবাজী আদি ফুটাই পক্ষীকুলক আমনি নকৰিবৰ বাবে সকলোৰে প্ৰতি আহ্বান জনায়।