NORTHEAST NOW (Assamese)
অসম

মেঘালয়ত আবদ্ধ খনি শ্ৰমিকক লৈ এইবাৰ টুইট যুদ্ধত ৰাহুল গান্ধী

Posted by: অনুপ শৰ্মা December 26, 2018 10:30 pm
Rahul-Gandhi

মেঘালয়ৰ কয়লা খনিত অসমৰ ৪ জনকে ধৰি ১৪ গৰাকী শ্ৰমিকে অতি কৰুণভাৱে মৃত্যুক সাৱটি লোৱা ঘটনাটোক লৈ টুইট যুদ্ধত নামি পৰিছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী।

বগীবিল দলং উদ্বোধন কৰি প্ৰধান মন্ত্ৰীয়ে ফট’ৰ প’জ দি থকাৰ বিপৰীতে মেঘালয়ৰ কয়লা খনিত যোৱা দুসপ্তাহ ধৰি আবদ্ধ শ্ৰমিককেইজনক উদ্ধাৰৰ বাবে উচ্চ চাপযুক্ত পাম্পৰ ব্যৱস্থা নকৰাক লৈ মঙলবাৰে টুইটাৰত নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল গান্ধীয়ে।

শ্ৰমিককেইজনক উদ্ধাৰ কৰিবলৈয়ো প্ৰধান মন্ত্ৰীক অনুৰোধ জনাইছিল কংগ্ৰেছ সভাপতিজনে। উন্নত সা-সঁজুলিৰ অভাৱত উদ্ধাৰ অভিযানত অসুবিধা হোৱা বুলি প্ৰকাশিত এটা বাতৰিৰ পিছতে এই প্ৰতিক্ৰিয়া কৰিছিল গান্ধীয়ে।

লগতে পঢ়ক– মেঘালয়ৰ কয়লা খনিত ভয়ংকৰ ঘটনা, অসমৰ শ্ৰমিককে ধৰি ১৩জনৰ মৃত্যুৰ আশংকা

গান্ধীৰ উক্ত টুইটৰ পিছতে চৰকাৰে চলোৱা উদ্ধাৰ অভিযান সম্পৰ্কে জনাই এটা ৰিপ্লাই দিয়ে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাদ চাংমাই।

গান্ধীৰ টুইতটো বুধবাৰে ৰাতি ১০:৩০ বজালৈকে প্ৰায় ১৮ হাজাৰ লোকে লাইক, ৬ হাজাৰে ৰি টুইট আৰু ৩ হাজাৰে কমেন্ত কৰিছে।

আনহাতে উক্ত টুইটৰ পিছতে দুৰ্ঘটনাটোৰ বাবে কংগ্ৰেছকহে দোষ দি “ত্ৰেজিদিক লৈ ৰাজনীতি নকৰিব”লৈ এটা টুইট কৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুৱে।

এছ দি আৰ এফ আৰু এন দি আৰ এফে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে সফল হ’ব পৰা নাই।