NORTHEAST NOW (Assamese)
অসম

প্ৰতিভাৰ সন্ধানত অহা ৭ জানুৱাৰিত ধুবুৰীৰ ১৪খন বিদ্যালয়ৰ এক অনন্য অনুষ্ঠান

Posted by: এন ই নাও নিউজ December 27, 2018 2:52 pm
Dhubri student

ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন সুপ্ত প্ৰতিভা বিকশিত কৰাৰ উদ্দেশ্য আগত ৰাখি ধুবৰী জিলাৰ আগমণি শিক্ষাখণ্ডৰ অন্তৰ্গত এক ভিতৰুৱা অঞ্চলৰ লোহাজানি মণ্ডল সমল কেন্দ্ৰৰ শিক্ষক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য সকলৰ প্ৰচেষ্টাত আৰু নীতি আয়োগৰ পৃষ্ঠপোষকতাত অহা বৰ্ষৰ ৭ জানুৱাৰিত এক অনন্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে।

ৰমেশ্বৰ চন্দ্ৰ চৰকাৰ চাটম খেল পথাৰত লোহাজানি সমল কেন্দ্ৰৰ অন্তৰ্ভুক্ত ১৪ খন বিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলৰ অংশগ্ৰহনেৰে পৰম্পৰাগত সাজ-পাৰ পৰিধানেৰে এক প্ৰতিভা সন্ধান মূলক অনুষ্ঠানৰ আয়োজন কৰিব বুলি আয়োজকে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে উক্ত দিনা ৰাতিপুৱা ১০ বজাত বৃক্ষ ৰোপনেৰে অনুষ্ঠান আৰম্ভ কৰি ছাত্র-ছাত্ৰীসকলে ক্ৰমে আধুনিক, পৰম্পৰাগত আৰু স্থানীয় জনগোষ্ঠী কোচ ৰাজবংশী সাজেৰে “Ramp Walk” ৰ লগতে একক, দলীয় নৃত্য, বিহু নৃত্য,  কবিতা আবৃত্তি, নাটক আদি কৰিব বুলি আয়োজক সমিতিয়ে অৱগত কৰায়।

25490047-436f-43e6-a8e2-8ac26c977d37
ফটো : নৰ্থ-ইষ্ট নাও

আনহাতে অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে কোচ ৰাজবংশী সকলৰ পোষণা সংক্ৰান্তিৰ লগত সংগতি ৰাখি ভেলা ঘৰ প্ৰদৰ্শনীৰো ব্যৱস্থা থাকিব। সেই উপলক্ষে এতিয়াৰ পৰাই আয়োজক সমিতি, বিদ্যালয় সমূহৰ শিক্ষক-শিক্ষয়ত্ৰী তথা ছাত্র-ছাত্ৰীসকলে পূৰ্ণ উদ্যমেৰে অনুশীলন আৰু প্ৰস্তুতি চলাই গৈছে।

উল্লেখ্য যে এই ক্ষেত্ৰত কোচ ৰাজবংশী চলচিত্ৰ জগতৰ কেইজনমান সুহৃদয় ব্যক্তি কৌশিক ৰায়, কৃষ্ণকান্ত ৰায় আৰু মিৰাভা দাসে বিভিন্ন দিশত সহায়-সহযোগিতা আগবঢ়াই আহিছে।