NORTHEAST NOW (Assamese)
অসম

বড়োৰ পিছত অসমক বিভাজনৰ দিশে চুতীয়া ছাত্ৰ সন্থা

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক December 27, 2018 7:36 pm
Divide Assam 50-50: After Bodo it's now Sutiya's turn

বড়োসকলৰ দীৰ্ঘদিনীয়া “দিভাইদ আছাম ৫০:৫০” দাবীৰ পিছত এইবাৰ অসমক বিভাজনৰ দিশে আগবাঢ়িছে সদৌ অসম চুতীয়া ছাত্ৰ সন্থা।

সুকীয়া ৰাজ্য দাবীৰ পথত বড়োসকলৰ আন্দোলনৰ লগত যোগ দিয়াৰ বাবেও প্ৰস্তুতি চলাইছে চুতীয়া ছাত্ৰ সংগঠনটোৱে।

“আমি বড়োসকলৰ লগত লগ হ’ম আৰু পৃথক ৰাজ্যৰ বাবে তেওঁলোকৰ লগত একেলগে সংগ্ৰাম কৰাৰ চিন্তা চৰ্চা কৰি আছো। বড়োলেণ্ডৰ দাবী শদিয়ালৈকে আছে, আমি তাত চুতীয়া অধ্যুষিত গোলাঘাট আৰু যোৰহাট জিলা সুমুৱাই ল’ম,” চুতীয়াসকল “বড়োমূলীয়” বুলি দাবী কৰি নৰ্থ ইষ্ট নাও-ত শুকুৰবাৰে এই মন্তব্য সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাৰ।

বৰাই লগতে জনাই যে “দিভাইদ আছাম ৫০: ৫০” শ্ল’গানত ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলা সন্দৰ্ভত নতুন বছৰৰ প্ৰথম মাহতে বড়ো সংগঠন এবছুৰ সৈতে বৈঠকত মিলিত হ’ব চুতীয়া ছাত্ৰ সন্থা।

আনহাতে জনজাতিকৰণৰ দাবী জনাই অহা অসমৰ ছয় জনগোষ্ঠীৰ জনগোষ্ঠীয় ঐক্যমঞ্চ আৰু নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে সংগ্ৰামৰত ৭০টা সংগঠনৰ উমৈহতীয়া মঞ্চৰ পৰাও আঁতৰি অহাৰ সিদ্ধান্ত লৈছে সংগঠনটোৱে।

আৰু খাণ্ডৱ দাহৰ দৰে অসমক অগ্নিকুণ্ড কৰি তুলিব পৰা এই সিদ্ধান্তৰ নেপথ্যৰ “ফিৰিঙতি” বগীবিল দলঙৰ নামকৰণ। চুতীয়া সংগঠনসমূহে দলংখন বীৰাংগণা সাধনী সেতুৰূপে নামকৰণৰ দাবী জনাই অহাৰ বিপৰীতে জনজাতিকৰণৰ দাবীত ঐক্যবদ্ধ সংগ্ৰাম চলাই অহা আন কিছুমান সংগঠনে নিজা নিজা বীৰ-বীৰাংগণাৰ নামৰ এই দলং বিচৰাক লৈ খৰ্গহস্ত হৈয়ে বোলে এই সিদ্ধান্ত লৈছে সংগঠনটোৱে।

“জনজাতিকৰণৰ বাবে একেলগে সংগ্ৰাম কৰি থকা জনগোষ্ঠীয়ে বাধা প্ৰদান কৰি থকা বাবে দুখ পাই এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছো,” বৰাৰ মন্তব্য।