NORTHEAST NOW (Assamese)
অসম

আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ড’ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অসমৰ নীহাৰ পাঠকৰ

Posted by: দীপক কুমাৰ পাঠক December 28, 2018 8:42 pm
assam boy wins international taekwondo title

ক’লকাতাৰ খুদিৰাম অনুশীলন কেন্দ্ৰত চলি থকা টি আই এ আন্তঃৰাষ্ট্ৰীয় চাব জুনিয়’ৰ টাইকোৱান্ড’ প্ৰতিযোগিতাত নিজৰ শাখাত শ্ৰেষ্ঠত্ব আৰ্জন কৰিছে অসমৰ নীহাৰ পাঠকে।

শুকুৰবাৰে সন্ধিয়া অনুষ্ঠিত ৬-১২ বছৰ শাখাৰ চূড়ান্ত প্ৰতিযোগিতাত বাংলাদেশৰ মেগনা ৰয়ক হৰুৱাই সোণৰ পদক পাবলৈ সক্ষম হৈছে অসমৰ কিশোৰগৰাকী।

প্ৰতিযোগিতাখন কোৰিয়ান টাইকোৱান্ড’ মাষ্টাৰ্চ এছ’চিয়েশ্বন অৱ ইণ্ডিয়াৰ জিয়ংচ টাইকোৱান্ড’ একাডেমিৰ উদ্যোগত অনুষ্ঠিত হৈছে।

বাক্সা জিলাৰ বৰমা টাইকোৱান্ড’ একাডেমিত তৃতীয় ডিগ্ৰীৰ ব্লেক বেল্টপ্ৰাপ্ত প্ৰশিক্ষক হিমাংশু পাঠকৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আহিছে নীহাৰে।

বৰমাৰ সমাজকৰ্মী তথা শিক্ষক হিমাংশু পাঠক আৰু শিক্ষয়িত্ৰী প্ৰাণীত দাস পাঠকৰ পুত্ৰ নীহাৰ চেণ্ট জনচ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ।