NORTHEAST NOW (Assamese)
অসম

কামৰূপৰ কমলপুৰৰ ৰে’ল লাইনৰ দাঁতিত অচিনাক্ত মৃতদেহ উদ্ধাৰ

Posted by: মৃদুল প্ৰীতম ডেকা December 29, 2018 5:34 pm

বাইহাটা ৰে’ল আৰক্ষীৰ অন্তৰ্গত ভাহাকা জানৰ ৩৮৪/৮-৯ নম্বৰৰ ৰে’ল লাইনৰ দাঁতিৰ পৰা আজি ৰে’লৱে আৰক্ষীয়ে এটা অচিনাক্ত মৃতদেহ উদ্ধাৰ কৰে।

আজি দিনৰ প্ৰায় ১১ বজাত স্থানীয় লোকে ৰে’ল লাইনৰ দাঁতিত মৃতদেহটো দেখি বাইহাটা ৰে’ল আৰক্ষীক খবৰ দিয়ে। ফলত ৰে’ল আৰক্ষী তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।

কোনো চলন্ত ৰে’লৰ পাৰ পৰি মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰে’ল আৰক্ষীয়ে। মৃত ব্যক্তিগৰাকীয়ে পিন্ধনত বগা স্প’ৰ্টিং আৰু লংপেণ্ট আছিল। মৃতদেহটো চিনাক্তকৰণৰ বাবে ৭২ ঘণ্টা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হস্পিতালৰ মৰ্গত ৰাখিব বুলি ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়ে।