NORTHEAST NOW (Assamese)
অসম

এইবাৰ ভঁৰালৰ ধানো হ’ল লক্ষ্য; গৃহস্থই বাৰণ্ডাত থোৱা চাৰিটাকৈ ধানৰ বস্তা লৈ গ’ল বনৰীয়া হাতীয়ে

Posted by: ৰিদিপ শৰ্মা December 29, 2018 3:48 pm
Wild Elephant

কলিয়াবৰত নিশা কাৰ্বি পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা বনৰীয়া হাতীয়ে এইবাৰ পথাৰত ধান নাপাই ভঁৰালৰ ধানক লক্ষ্য কৰি লৈছে। নামগাঁও, কঢ়াল গাওঁ, বৰভগীয়া, পানীগাঁৱকে ধৰি কলিয়াবৰৰ কেইবাখনো গাওঁৰ মানুহে এতিয়া প্ৰতিটো নিশা এই বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে ৰাতি শান্তিৰে শুব পৰা নাই।

নিজৰ ভঁৰালৰ ধানকেইটা বচাবলৈ আক্ৰান্ত গাওঁকেইখনৰ বাসিন্দাসকলে উজাগৰী ৰাতি কটাব লগীয়া হৈছে। আজি পাৰ হৈ যোৱা নিশাও কলিয়াবৰৰ বৰভগীয়াৰ কঢ়াল গাৱঁৰ বিমল কাকতী, বলাই বৰ্মন আৰু  নামগাঁৱৰ চিত্ৰা খাৰীয়া, -এই তিনিটা পৰিয়ালৰ ঘৰত ধানৰ সন্ধানত অহা হাতীয়ে ভঁৰালঘৰৰ লগতে শোৱনি কোঠাও ভাঙি লণ্ড-ভণ্ড কৰি থৈ যায়।

আনহাতে বলাই বৰ্মনৰ ভঁৰালৰ ধান খোৱাৰ লগতে বনৰীয়া হাতীটোৱে ধানৰ চাৰিটা বস্তা লৈ যোৱাৰ লগতে বৰ্মনৰ চোতালত সমস্ত ধান সিঁচি এক অবৰ্ণনীয় অৱস্থাৰ সৃষ্টি কৰে।

Wild Elephant_2
কলিয়াবৰত বনৰীয়া হাতীয়ে বস্তাৰ পৰা উলিয়াই গৃহস্থৰ চোতালত গছকি ফেনেকি থৈ যোৱা ধান। ফটো : ৰিদিপ শৰ্মা।

পথাৰত পকা ধান নাপোৱা বাবেই কাৰ্বি পাহাৰৰ পৰা নামি অহা এই হাতীৰ জাকটোৱে খেতিয়কৰ ভঁৰালৰ ধানতো ধৰাত মূৰে-কপালে হাত দিছে গৃহস্থই।

আনহাতে এই ক্ষেত্ৰত বন বিভাগৰ লোকক জনায়ো কোনো ধৰণৰ সহায়-সহযোগ নোপোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে গাওঁবাসীয়ে।

নিশা গাওঁবাসীয়ে লগ লাগি জুই জ্বলাই, ফটকা ফুটাইহে  হাতী খেদাই অধিক বিপদৰ পৰা ৰক্ষা পৰিছে যদিও “এইদৰে কিমান দিন পাৰ কৰিব পাৰি” বুলি খেদ প্ৰকাশ কৰিলে স্থানীয় ৰাইজে।