NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্বক দিল্লীৰ ৰাজনীতিলৈ নিনিবলৈ অমিত শ্বাহক আহ্বান ৰঞ্জিত দাসৰ

Posted by: মৃদুল প্ৰীতম ডেকা December 30, 2018 7:57 pm
Don't take Himanta Biswa to national politics: Assam BJP president pleads Amit Shah

আসন্ন ’১৯ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰা হিমন্ত বিশ্ব শৰ্মাক দিল্লীৰ ৰাজনীতিলৈ নিনিবলৈ অমিত শ্বাহক দেওবাৰে আহ্বান জনাইছে ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসে।

জালুকবাৰীত হিমন্ত বিশ্বও উপস্থিত থকা দলীয় এক সভাৰ পিছতে সংবাদ মাধ্যমৰ জৰিয়তে দলৰ ৰাষ্ট্ৰীয় নেতৃত্বক এই আহ্বান জনাইছে দাসে।

“এই মুকলি সভাতে মই ৰাষ্ট্ৰীয় নেতৃত্বলৈ আহ্বান জনাইছো তেওঁক দিল্লীলৈ যাতে লোকসভাৰ বাবে নিনিয়ে। আগন্তুক দিনত মই ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো জনাম ব্যক্তিগতভাৱে যদি এই কথাটো সঁচা হয়,” বাতৰিত কথাটো পোৱা বুলি উল্লেখ কৰি দাসৰ মন্তব্য।

বিজেপি নেতৃত্বাধীন বৰ্তমানৰ অসম চৰকাৰত শৰ্মাৰ “প্ৰাসংগিকতা আছে” বুলি উল্লেখ কৰি দিল্লীলৈ ঢাপলি নেমেলিবলৈ মন্ত্ৰীজনকো মুকলিকৈ আহ্বান জনাইছে ৰাজ্যিক সভাপতিজনে।

দাসৰ মতে বৰ্তমান চৰকাৰৰ উদ্যোগত “অসমত প্ৰগতিৰ গতি ত্বৰান্বিত হৈছে” আৰু এই সময়ত মন্ত্ৰী শৰ্মাৰ দিল্লী গমন ঠিক নহ’ব।

ইপিনে মন্ত্ৰী শৰ্মাই প্ৰতিদ্বন্দ্বিতা নকৰিলে ’১৯টো গুৱাহাটী লোকসভা সমষ্টিত নিৰ্বাচনত নামিব খোজে সাংসদ বিজয়া চক্ৰৱৰ্তী। শৰ্মাই বিচাৰিলে সমষ্টিটো ’১৯ত এৰি দিব বুলি পূৰ্বে ঘোষণা কৰিছিল সাংসদগৰাকীয়ে।

বিষয়টো সম্পৰ্কে অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ আগত কোনো মন্তব্য কৰা নাই।

জালুকবাৰী সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীসকলক সম্বৰ্ধনা জ্ঞাপনৰ উদ্দেশ্যে সভাখন আয়োজন কৰা হৈছিল।