NORTHEAST NOW (Assamese)
অসম

বান্দৰ পুৰি খাই নতুন বছৰত জে’ললৈ এজন

Posted by: এন ই নাও নিউজ January 1, 2019 6:29 pm
Man arrested for consuming monkey

দুৰ্লভ প্ৰজাতিৰ এটা বান্দৰ পুৰি খাই বছৰৰ সন্ধিক্ষণতে গ্ৰেপ্তাৰ হৈছে চুবুৰীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ চেংকুদ চাংমা নামৰ এজন যুৱক।

বন্যপ্ৰাণী সুৰক্ষা আইন, ১৯৭২ৰ ৯ আৰু ৫১ নং ধাৰাৰ অধীনত চাংমাক যোৱা ৩০ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

এই আইনৰ অধীনত গ্ৰেপ্তাৰ অ-জামিনযোগ্য। আৰু দোষী প্ৰমাণিত হ’লে ন্যূনতম ১০ হাজাৰ টকাৰ জৰিমনা আৰু অধিকতম ৭ বছৰ কাৰাৱাস খাটিব লাগিব যুৱকজনে।

বেচৰকাৰী সংস্থা পে’তা (People for Ethical Treatment of Animal)ৰ অভিযোগৰ পিছত উপায়ুক্তৰ নিৰ্দেশত আৰক্ষী আৰু বন বিভাগৰ এটা যুটীয়া দলে তাৎক্ষণিকভাৱে অভিযান চলাই চাংমাক গ্ৰেপ্তাৰ কৰে।

হত্যাৰ পিছত পুৰি থোৱা বান্দৰটোৰ ছবি চাংমাই ফে’চবুকত শ্বেয়াৰ কৰিছিল।

সেই ছবি পোৱাৰ পিছতে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ বাবে জিলা প্ৰশাসনক অভিযোগ কৰিছিল পেতাই।

পেতাৰ অভিযোগৰ ভিত্তিত জিলা উপায়ুক্তৰ ক্ষীপ্ৰ পদক্ষেপৰ শলাগ লৈছে সংস্থাটোৱে।