NORTHEAST NOW (Assamese)
অসম

নৱবৰ্ষৰ প্ৰথম দিনাই বোকাখাতত শোকাবহ দুৰ্ঘটনা: অগ্নিদগ্ধ হৈ কিশোৰীৰ মৃত্যু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া January 1, 2019 10:32 pm
Body deadbody Speeding vehicle knocks down three in Tinsukia

নৱবৰ্ষৰ প্ৰথম দিনাই বোকাখাতৰ ৩ নং দ গাঁৱত সংঘটিত হয় এক অঘটন ৷ অগ্নিদগ্ধ হৈ ১১ বছৰীয়া পঞ্চম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ মৃত্যু হয়। নিহত ছাত্ৰী গৰাকীৰ নাম ৰাখি গঞ্জু।

গাওঁখনৰ ৰবীন গঞ্জু আৰু সাবিত্ৰী গঞ্জুৰ কনিষ্ঠা কন্যা ৰাখী গঞ্জুয়ে গৰুৰ বাবে দানা সিজাই থাকোতে গাত অগ্নি সংযোগ হয়। তেতিয়া জুইৰ পৰা বাচিবলৈ ৰাখীয়ে ঘৰৰ পাছফালে থকা পুখুৰীত জাপ দিয়ে। ঘটনাৰ সময়ত ঘৰত ৰাখীৰ বায়েক আৰু দেউতাক আছিল যদিও কোনেও ঘটনাৰ উমানেই নাপালে।

অৱশেষত কিছুসময়ৰ পাচতহে ঘটনাৰ উমান পাই দেউতাকে পুখুৰীৰ পৰা ৰাখীৰ মৃতদেহ উদ্ধাৰ কৰে।

জানিব পৰা মতে পুৱা বেলাতেই ৰবীন গঞ্জুৰ ঘৰৰ সন্মুখতে বনভোজৰ আয়োজন চলি আছিল আৰু বনভোজত ব্যৱহাৰ কৰা মাইকৰ শব্দত অগ্নিদগ্ধ ৰাখীৰ চিঞৰ কোনেও নুশুনিলে বুলি জানিব পৰা গৈছে ।