NORTHEAST NOW (Assamese)
অসম

নগাঁও ৰে’ল ষ্টেশ্যনক অতি শীঘ্ৰে ‘বি’ কেটেগ’ৰি ষ্টেশ্যনলৈ উন্নীত কৰা হ’ব : ৰাজেন গোহাঁই

Posted by: মিণ্টু দাস January 2, 2019 11:26 am
Rajen Gohain

বছৰৰ পহিলা দিনটোৰ পুৱাই ৰাজ্যৰ যোগাযোগ ক্ষেত্ৰত নতুনকৈ সংযোজন ঘটিল এখন ৰে’লৰ। ১ জানুৱাৰিৰ পুৱা শিলঘাট আৰু কলকাতাৰ মাজত আনুষ্ঠানিকভাৱে ৰে’ল চলাচল আৰম্ভ কৰি ৰে’ল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁয়ে নগাঁও ৰে’ল ষ্টেশ্যনত এখন সংবাদমেল সম্বোধন কৰে। মন্ত্ৰী গোহাঁয়ে কয়, ‘বিশ্ব পৰ্যটন ক্ষেত্ৰ কাজিৰঙাক ভাৰত বৰ্ষৰ বিভিন্ন প্ৰান্তৰ সৈতে পোন পটীয়াকৈ সংযোগ কৰাৰ উদ্দেশ্যে আগত ৰাখিয়েই এই ৰে’ল সেৱা আৰম্ভ কৰা হৈছে’।

ইয়াৰ উপৰি অচিৰেই শিলঘাট-কলকাতা ৰে’লখনক কাজিৰঙা এক্সপ্ৰেছ নামেৰে নামকৰণ কৰা হ’ব। তেওঁ পৰৱৰ্তী সময়ত উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতলৈ শিলঘাটৰ পৰা ৰে’ল সেৱা আৰম্ভ কৰাৰ পৰিকল্পনাৰ কথাও সংবাদ মেলত সদৰী কৰে।

আনহাতে নগাঁও ৰেল ষ্টেশ্যনক ‘বি’ কেটেগ’ৰি ৰে’ল ষ্টেশ্যনলৈ উন্নীত কৰাৰ কথা সদৰী কৰি কয় যে স্বাধীনতাৰ ৭০ বছৰৰ পিছত নগাঁৱৰ পৰা পোনপটীয়াকৈ বহিঃ ৰাজ্যলৈ ৰে’ল চলাচল হৈছে। এই ৰে’ল সেৱাৰ জৰিয়তে নগাঁও তথা কাজিৰঙাত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব। কিয়নো দেশৰ মধ্যবিত্ত শ্ৰেণীৰ লোকে ৰে’ল সেৱাকেই যাতায়তৰ ক্ষেত্ৰত অধিক ব্যৱহাৰ কৰে।

উল্লেখ্য যে মন্ত্ৰী গোহাঁয়ে নগাঁও ৰে’ল ষ্টেশ্যনত ড্ৰাগচৰ অবাধ পয়োভৰৰ কথা স্বীকাৰ কৰি কয় যে এই বিষয়ে বিভিন্ন সময়ত অভিযোগ লাভ কৰিছো আৰু এই সমগ্ৰ বিষয়টো শীঘ্ৰেই আৰক্ষীৰ সহযোগত সমাধান কৰা হ’ব তথা ড্ৰাগচৰ ঘাটি উৎখাত কৰা হ’ব।

আনহাতে বছৰৰ পহিলা দিনটোতে ৰে’ল ৰাজ্য মন্ত্ৰীগৰাকীয়ে সম্বোধন কৰা সংবাদ মেলত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ উপৰি ৰে’ল বিভাগৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে।