NORTHEAST NOW (Assamese)
অসম

সন্দেহজনক নাগৰিকৰ দাদাগিৰি : উচ্ছেদৰ বাবে যোৱা ডি এফ অ’সহ বনকৰ্মীৰ দলক ভয়াবহ আক্ৰমণ

Posted by: মিণ্টু দাস January 4, 2019 10:37 am
DFO Jitendra Kumar

নগাঁও-শোণিতপুৰ জিলাৰ সীমামুৰীয়া বুঢ়াচাপৰি সংৰক্ষিত অভয়াৰণ্যৰ লাঠিমাৰী চৰত বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে ৩ জানুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। উচ্ছেদৰ বাবে যোৱা নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ জিতেন্দ্ৰ কুমাৰ সহ বন বিভাগৰ এটা দলক সন্দেহজনক নাগৰিকে কৰা আক্ৰমণৰ ঘটনাই সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

বেদখলকাৰীৰ আক্ৰমণত বন বিভাগৰ লোক যোৱা জিপচি গাড়ী দুখনৰ বিস্তৰ ক্ষতি হয় আৰু গাড়ী চালক দুজন গুৰুতৰভাৱে আহত হয়। অৱশ্যে বনৰক্ষীৰ তৎপৰতাত ডি এফ অ’ জিতেন্দ্ৰ কুমাৰ কথমপি ৰক্ষা পৰে।

আক্ৰমণকাৰী দলটোৰ অধিকাংশই আছিল যুৱক-মহিলা। আক্ৰমণৰ ঘটনাটো দুপৰীয়া সংঘটিত হয় বুলি বন বিভাগৰ দলটোৱে জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত ডি এফ অ’ জিতেন্দ্ৰ কুমাৰে জানিবলৈ দি কয় যে বুঢ়াচাপৰি অভয়াৰণ্যত যোৱা ২০০০ চন মানৰে পৰা বেদখল চলি আহিছে। অভয়াৰণ্যখনৰ লাঠিমাৰী চৰত বেদখল কৰি থকা প্ৰায় এশ ঘৰ পৰিয়ালক উচ্ছেদৰ বাবে চৰকাৰী জাননী ইতিমধ্যে দিয়া হৈছিল।

সেয়ে ৩ জানুৱাৰিত ডি এফ অ’ জিতেন্দ্ৰ কুমাৰে স্থানীয় উপ-বনাঞ্চলিক বিষয়া আৰু কেইজনমান বনকৰ্মীক লগত লৈ দুখন জিপচী গাড়ীৰে উক্ত স্থান পৰিদৰ্শনৰ বাবে উপস্থিত হৈছিল। বন বিভাগৰ গাড়ী দেখি বেদখলকাৰীসকলে পৰিকল্পিতভাবে খেদি আহি গাড়ী দুখনত আক্ৰমণ কৰে। দেহৰক্ষী আৰু বনকৰ্মীৰ তৎপৰতাৰ বাবেই ডি এফ অ’ৰ লগতে বনকৰ্মীৰ দলটোৱে প্ৰাণ বচাবলৈ সক্ষম হয়।

ইফালে ঘটনা সম্পৰ্কত বনকৰ্মীৰ দলটোৱে লগে লগে আৰক্ষীক অৱগত কৰে। বন বিষয়াজনে এই ঘটনাৰ আঁৰত সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ সংগঠনৰ এজন নেতা জড়িত আছে আৰু তেওঁৰ উচটনিতে এই আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰে।