NORTHEAST NOW (Assamese)
অসম

পূব ছিয়াঙৰ দয়িং ইৰিং স্মাৰক বন্যপ্ৰাণী অভয়াৰণ্যত ৫জন দুৰ্ধৰ্ষ চোৰাং চিকাৰী গ্ৰেপ্তাৰ

Posted by: মাকছাম টায়েংগি January 4, 2019 9:55 pm
WhatsApp Image 2019-01-04 at 7.36.43 PM

অৰুণাচলৰ পূব ছিয়াঙৰ দয়িং ইৰিং স্মাৰক বন্যপ্ৰাণী অভয়াৰণ্যত আজি পুৱা ৫জন দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰিছে। এই চোৰাং চিকাৰী কেইজনক অঞ্চলঘাট ৰেঞ্জৰ অন্তৰ্গত সন্যাসী টুকুৰাৰ পৰা আটক কৰা হৈছে।

আটকাধীন চোৰাং চিকাৰী কেইজনক দীবাশ পাইত (৩০), দিগন্ত দলে (২৫), বাৎছা দলে (২৮), ৰাজেশ ছুংকুৰাং (৪২) আৰু নং দলে বুলি চিকাক্ত কৰা হৈছে। ইয়াৰে দীবাশ পাইত আৰু দিগন্ত দলেৰ ঘৰ ধেমাজিৰ জোনাই আৰক্ষী থানা, ডাকঘৰ লেকুৰ অন্তৰ্গত কেমি গাঁৱত। বাৎছা দলে, ৰাজেশ ছুংকুৰাং আৰু নং দলেৰ ঘৰ হৈছে অৰুণাচলৰ পূব ছিয়াং জিলাৰ ছিল্লে অয়ান চক্ৰ/থানা/ডাকঘৰৰ অন্তৰ্গত অয়ান গাঁৱত।

অভিযানকাৰী দলটোক নেতৃত্ব প্ৰদান কৰা জীপঘাট বীটৰ বীট অফিচাৰ, উপ ফৰেষ্ট ৰেঞ্জাৰ শ্ৰী অৰিন পাৰ্মেই  জনাইছে যে দীবাশ পাইত আৰু নং দলে নামৰ  এই চোৰাং চিকাৰী দুজন  অতি নৃশংস চোৰাং চিকাৰী আৰু এই দুজনক ইয়াৰ পূৰ্বেও অভয়াৰণ্যখনত চিকাৰ নকৰিবলৈ সাৱধান কৰি দিয়া হৈছিল।

ডিএফঅ’ তাছাং তাগাই জনাইছে যে বন্যপ্ৰাণী আইন অনুসৰি এই চোৰাং চিকাৰীকেইজনৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

চোৰাং চিকাৰীকেইজনৰ পৰা এজনী সুগৰি পহু, ৩টা ১২ ব’ৰৰ (এটা দুনলীয়া আৰু দুটা এনলীয়া) ৰাইফল, ১৪ টা সজীৱ গুলী আৰু ৩টা মোবাইল হেণ্ডছেট জব্দ কৰা হৈছে। আজি আবেলি ধৃত চোৰাং চিকাৰী কেইজনক ছিল্লে-অয়ান আৰক্ষী থানাত গটাই দিয়া হৈছে।

চোৰাং চিকাৰীক গ্ৰেপ্তাৰত জড়িত এগৰাকী বন বিভাগৰ কৰ্মচাৰীয়ে জনাইছে যে চোৰাং চিকাৰীৰ হাতত মৃত্যু হোৱা সুগৰি পহুজনীৰ পোৱালী আছিল। কাৰণ তাইৰ ওহাৰত পোৱালীয়ে গাখীৰ খোৱা চিন পোৱা গৈছে আৰু বাটৰ পৰা গাখীৰ নিগৰি থকা দেখা গৈছে। কৰ্মচাৰীগৰাকীয়ে জনাইছে যে যদিহে পোৱালী কেইটা ডাঙৰ হৈছে তেতিয়া হ’লে সিঁহত বাছি থাকিব, যদিহে সৰু হৈ আছে মাকৰ অভাৱত সিঁহতৰ মৃত্যু হ’ব।