NORTHEAST NOW (Assamese)
অসম

সংসদৰ গুৰুত্বপূৰ্ণ বিতৰ্কৰ পৰা আঁতৰি শিলচৰত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধান মন্ত্ৰী : গৌৰৱ গগৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 4, 2019 11:09 pm
Gourav Gogoi

শুকুৰবাৰে লোকসভাৰ শীতকালীন অধিৱেশনত দুটাকৈ গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হৈছিল। অথচ তাৰ পৰা নিজকে আঁতৰাই ৰাখি প্ৰধান মন্ত্ৰী মোদীয়ে বৰাক উপত্যকাৰ শিলচৰৰ নিৰ্বাচনী প্ৰচাৰসভাত অংশ লোৱা বুলি অভিযোগ তুলিছে সাংসদ গৌৰৱ গগৈয়ে।

গৌৰৱ গগৈয়ে জানিবলৈ দিয়ে যে শীতকালীন অধিৱেশন চলি থকা সংসদৰ মজিয়াত কালি কাশ্মীৰত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা আৰু ৰাফেল বিমান কেলেংকাৰি –এই বিষয় দুটা আলোচনা চলি আছিল। দেশখনৰ দুটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সংসদত আলোচনা-বিতৰ্ক হৈছিল। আলোচনাৰ সময়ত দেশৰ মুৰব্বী হিচাপে প্ৰধান মন্ত্ৰীগৰাকী উপস্থিত থাকি তাৰ উত্তৰ দিব লাগিছিল বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰে।

“যোৱাকালি কাশ্মীৰত যি ৰাষ্ট্ৰপতিৰ শাসন চলিল আৰু দেশজুৰি বিতৰ্ক হোৱা ৰাফেল বিমানৰ কেলেংকাৰিৰ সন্দৰ্ভত আলোচনা হৈ আছিল। তাৰ উত্তৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিব লাগিছিল।” আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছে আয়োজন কৰা এখন সংবাদমেলত সাংসদজনে কয়। ইয়াৰ বাবে মোদীৰ চৰকাৰখনক দায়িত্ববোধহীন আখ্যা দিয়ে গগৈয়ে।

“তেওঁ আন যিকোনো এটা দিনত শিলচৰৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব পাৰিলেহেঁতেন”, সাংসদ গগৈয়ে কয়।

আনহাতে বিজেপিক মিছা কথাৰ ভঁৰাল বুলিও কয় গৌৰৱ গগৈয়ে। “যোৱা নিৰ্বাচনৰ সময়তে বৰাকলৈ গৈ তেওঁলোকে মহা চড়ক কৰি দিম বুলি কৈছিল, কিন্তু ক’ত মহা চড়ক হ’ল।”

“মেইক ইন ইণ্ডিয়াৰ কথা কয়। আজি কাছাৰ কাগজ কল, নগাওঁ কাগজকল বন্ধ হৈ পৰিছে। কাগজ কল দুটাৰ বাবে তেওঁলোকৰ একো নীতি নাই। বাৰম্বাৰ টোপ দি থাকে পেকেজ আহিব, পেকেজ আহিব বুলি। তেওঁলোকে পেকেজতে থাকিব। তেওঁলোকৰ পেকেজ হ’ল মিছা কথাৰ পেকেজ। পেকেট অব লাইজ (মিছা কথা ভঁৰাল)।” মোদীক কটাক্ষ কৰি কয় গগৈয়ে।

“আজি তেওঁলোকে অসম চুক্তিৰ ৬ নং দফাৰ বাবে কিমিটীৰ কথা কৈছে, সেইটোও এটা মিছা কথা, নাগৰিকত্ব সংশোধনী বিধেয়কৰ জেপিচিৰ কথাটোও মিছা কথা।” গগৈৰ দাবী।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৫ বছৰৰ পৰা কেৱল উন্নয়ন হ’ব হ’ব কৈ আহিছে, কিন্তু পেকেজ কাৰ্য্যকৰী কৰাৰ সময়টো এতিয়ালৈকে অহা নাই বুলিও গগৈয়ে কয়।

“বৰাকৰ মানুহ আৰু ব্ৰহ্মপুত্ৰৰ মানুহে গম পাই গৈছে মোদীৰ মিছা প্ৰতিশ্ৰুতিৰ কথা।” গৌৰৱ গগৈয়ে কয়।