NORTHEAST NOW (Assamese)
মেঘালয়

মেঘালয়ত কংগ্ৰেছ দলৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা নোহোৱাৰ লগতে দলটোৰ নেতাসকলৰো নিজৰ ওপৰতে বিশ্বাস হেৰাই গৈছে : কনৰাড চাংমা

Posted by: এন ই নাও নিউজ January 8, 2018 8:56 pm
NPP_Rally

‘ৰাজ্যখনত কংগ্ৰেছ দলৰ প্ৰতি সৰ্বসাধাৰণৰ আস্থা নোহোৱাৰ লগতে দলটোৰ নেতাসকলৰো নিজৰ ওপৰতে বিশ্বাস হেৰাই গৈছে। আত্মবিশ্বাস নোহোৱা বাবেই দলটোৰ ৰাজ্যিক সভাপতি ডি ডি লাপাং আৰু উপ মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীজনে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পৰা আঁতৰি আছে।’ আজি নিৰ্বাচন সমাগত ৰাজ্যখনৰ শাসনাধিষ্ঠিত কংগ্ৰেছ দলটো সন্দৰ্ভত পূব জয়ন্তীয়া পাহাৰত অনুষ্ঠিত এক নিৰ্বাচনী প্ৰচাৰ সভাত  নেশ্যনেল পীপলছ পাৰ্টি, চমুকৈ এন পি পিৰ সভাপতি কনৰাড চাংমাই এইদৰে কয়। ‘মই গৌৰৱিত আৰু সুখী যে জয়ন্তীয়া পাহাৰৰ ৰাইজ আমাক সমৰ্থন দিয়াৰ বাবে ওলাই আহিছে।’ চাংমাই কয়।

উল্লেখযোগ্য যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত নিজৰ দলৰ প্ৰাৰ্থীৰ প্ৰতি জনসমৰ্থন আদায়ৰ চেষ্টাৰে সভাপতি কনৰাড চাংমাই জনসমাৱেশ আদিৰ আয়োজন কৰিছে। এইবোৰত তেওঁ ঘাইকৈ সমালোচনাৰ লক্ষ্য কৰি লৈছে শাসনাধিষ্ঠিত কংগ্ৰেছ দলক। কাৰণ কংগ্ৰেছেই হ’ল ৰাজ্যখনত আন সকলো দলৰে মূল প্ৰত্যাহ্বান। নিজৰ ভাষণৰ মাজতে তেওঁ কয় যে সমাগত নিৰ্বাচনটো কংগ্ৰেছ বা এন পি পি বা কোনো ব্যক্তি বিশেষৰ বাবে নহয়, এই নিৰ্বাচন মেঘালয়বাসীৰ বাবে আৰু সৰ্বোপৰি মেঘালয় ৰাজ্যখনৰ উন্নয়নৰ বাবে।

‘এইটো আমাৰ প্ৰত্যেকৰ বাবে অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন। ৰাজ্যখনৰ সৰ্বত্ৰে এটা পৰিৱৰ্তনৰ বতাহ আমি দেখিবলৈ পাইছো আৰু কংগ্ৰেছৰ প্ৰতি মানুহে আস্থা হেৰুৱাই পেলোৱা বাবে মানুহে ব্যৱস্থাটোত এটা পৰিৱৰ্তন বিচাৰিছে।’ কনৰাডে কয়।

Conrad Sangma at the rally

তেওঁ কয় যে এনেকুৱা এটা সময় আছিল, যি সময়ত কংগ্ৰেছ দলটোৱে দেশৰ ১৮খন ৰাজ্যত শাসন কৰিছিল। কিন্তু এতিয়া ৪খনলৈ এই সংখ্যা নামিল। নিৰ্বাচনৰ পিছত কংগ্ৰেছে মেঘালয় ৰাজ্যখনো হেৰুৱাব। কংগ্ৰেছৰ নেতাসকলৰে দলটোৰ ওপৰত আস্থা নাই। সাধাৰণ মানুহৰ দলটোৰ ওপৰত কেনেকৈ আস্থা থাকিব বুলিও তেওঁ কটাক্ষ কৰে। তেওঁ লগতে কংগ্ৰেছ দলে মানুহক ভীতিগ্ৰস্ত কৰিব খুজিছে আৰু চৰকাৰী আঁচনিৰ দ্বাৰা মানুহক ধৰি ৰাখিবৰ চেষ্টা কৰিছে বুলিও অভিযোগ কৰে।

আনহাতে তেওঁ পূৰ্বৰ ২০১৩ চনৰ নিৰ্বাচনৰ সময়ত মুকুল চাংমাই দিয়া এটা প্ৰতিশ্ৰুতিৰ কথা সোঁৱৰাই দি উপস্থিতসকলক কয়, ‘চাব কংগ্ৰেছ দলে ধন দিয়াৰ প্ৰতিশ্ৰুতি দিব আৰু বেংকৰ জৰিয়তে আচলতে সেয়া ঋণহে দিব। কিন্তু নিৰ্বাচনৰ পিছত সেইটো ঘূৰাই দিবলৈ তেওঁলোকে বাধ্য কৰিব।’

আনহাতে নিজৰ দল সন্দৰ্ভত চাংমাই কয় যে এন পি পিয়ে মেঘালয়বাসীৰ অধিকাৰৰ হকে যুঁজ দিব। সংসদত কয়লাৰ বিষয়টো নিয়মীয়াকৈ উত্থাপন কৰিব। ‘যদি আপোনালোকে আমাক ভোট দিয়ে আমি নতুন সংকল্পেৰে এখন নতুন মেঘালয় সৃষ্টি কৰিম।’ এইদৰে কয় নেতাজনে। তেওঁ লগতে কয় যে দলটোৰ বিভিন্ন খণ্ডৰ বাবে, যেনে- কয়লা, কৃষি, শিক্ষা, পৰ্য্যটন, স্বাস্থ্য আদিৰ বাবে নিৰ্ধাৰিত পৰিকল্পনা আছে।

উল্লেখযোগ্য যে আজিৰ সমাৱেশৰ মূল বক্তব্য আছিল ‘মিশ্যন ২০১৮   : এন পি পি ফৰ নিউ মেঘালয়’।