NORTHEAST NOW (Assamese)
অসম

অথলে গ’ল অসমীয়াৰ প্ৰতিবাদ : যুটীয়া সংসদীয় সমিতিয়ে দাখিল কৰিলে চূড়ান্ত প্ৰতিবেদন

Posted by: এন ই নাও নিউজ January 7, 2019 2:37 pm
JPC-submits-final-report-on-CAB-750x430

অসমবাসীৰ বাবে আটাইতকৈ উপহাসৰ দিন হিচাপে পৰিগণিত কৰি আজি যুটীয়া সংসদীয় সমিতিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ সন্দৰ্ভত ইয়াৰ চূড়ান্ত প্ৰতিবেদন লোকসভাৰ লগতে ৰাজ্যসভাতো দাখিল কৰে।

যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষ ৰাজেন্দ্ৰ আগৰৱালে দাখিল কৰা ৪৪০ পৃষ্ঠাজোৰা চূড়ান্ত প্ৰতিবেদনখনে অসমৰ থলুৱা তথা খিলঞ্জীয়া লোকৰ ভৱিষ্যত নিৰ্দ্ধাৰণ কৰিব। কাইলৈ সংসদৰ শীতকালীন অধিৱেশনৰ অন্তিম দিনাখন বিধেয়কখন লোকসভাত গৃহীত কৰা হ’ব।

উল্লেখযোগ্য যে অসমলৈ আহোতে যুটীয়া সংসদীয় সমিতিয়ে জনসাধাৰণৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছিল যদিও অধিকাংশই বিধেয়কখনৰ বিৰোধিতা কৰিছিল আৰু সমিতিয়ে তেওঁলোকৰ মতামত গ্ৰহণ কৰিছিল।

ইয়াৰ পাছত সমিতিয়ে মতামত গ্ৰহণৰ বাবে পুনৰ অসমলৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া হৈ নুঠিল আৰু তেওঁলোকৰ চূড়ান্ত প্ৰতিবেদন আজি দাখিল কৰে।

আনহাতে, জেপিচিয়ে আজি প্ৰতিবেদন দাখিল কৰাৰ সময়তে ৰাজ্যখনৰ লগতে নতুন দিল্লীতো ব্যাপক প্ৰতিবাদ সাৱ্যস্ত কৰা হয়। কৃষক মুক্তিৰ নেতৃত্বত একাংশই বিধেয়কখনৰ বিৰুদ্ধে নতুন দিল্লীত উলংগ হৈ প্ৰতিবাদ কৰে।

অসমতো ৭০টাতকৈয়ো অধিক সংগঠনে ক’লা পতাকা উত্তোলন কৰি জিলাসমূহৰ উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে।