NORTHEAST NOW (Assamese)
Uncategorized

নাগৰিকত্ব বিধেয়ক, ২০১৬ ৰ বিৰুদ্ধে পূৱ যোৰহাট ব্লক কংগ্ৰেছৰ জোঁৰ সমদল

Posted by: ৰাজীৱ দত্ত January 7, 2019 8:15 pm
IMG-20190107-WA0031

নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬  ৰ বিৰুদ্ধে আজি ১১ নং পূৱ লাহিং গাঁও পঞ্চায়ত এলেকাত পূৱ যোৰহাট ব্লক কংগ্ৰেছ কমিটিয়ে এক জোঁৰ সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি চৰকাৰে অসমীয়াক কৰা প্ৰতাৰণা, জাতিদ্ৰোহিতা, অসম চুক্তি উলংঘনৰ বিৰুদ্ধে কংগ্ৰেছ  দলে ঘোষণা কৰা “জগাওঁ অসম, বচাওঁ অসম” শীৰ্ষক কাৰ্যসূচীৰ অন্তৰ্গত বাহিৰ কৰা জোঁৰ সমদলটো চেলেংহাট পদুমণিৰ  ধোদৰ আলিৰ পৰা আৰম্ভ কৰি বৈছাহাবি পথেদি প্ৰায় ৮ কিলোমিটাৰ পথ অতিক্ৰম কৰি জাঁজী হাঁহচৰাত সামৰণি পৰে।

জোঁৰ সমদলকাৰীসকলে “জাতিধ্বংসী নাগৰিকত্ব (সংশোধনী) বিধেয়ক,২০১৬ বাতিল কৰক, বিজেপি মুৰ্দাবাদ, নৰেন্দ্ৰ মোডী হাঁয় হাঁয়, সৰ্বানন্দ সোণোৱাল গ’বেক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।