NORTHEAST NOW (Assamese)
উত্তৰ-পূব

প্ৰদূষণমুক্ত ভাৰত গঢ়াৰ সংকল্পৰে মণিপুৰি যুৱকৰ ২৫০০ কি.মি দৈৰ্ঘৰ চাইকেল যাত্ৰা

Posted by: এন ই নাও নিউজ January 9, 2018 1:07 pm
মণিপুৰৰ চাইকেল-আৰোহী ফিলেম ৰ'হান সিং

প্ৰদূষণমুক্ত ভাৰত গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ সংকল্পৰে মণিপুৰি যুৱক ফিলেম ৰ’হান সিঙে সোমবাৰে দেশৰ ৰাজধানী দিল্লীৰ পৰা মণিপুৰৰ ইম্ফল চহৰলৈকে ২৫০০ কি.মি দৈৰ্ঘৰ এক চাইকেল যাত্ৰাৰ আৰম্ভ কৰে।

সংবাদ মাধ্যমৰ আগত তেওঁৰ এই ব্যতিক্ৰমী চাইকেল যাত্ৰাৰ কথা জানিবলৈ দি সিঙে কয় যে তেওঁ সৰুৰে পৰা আনতকৈ বেলেগ কিবা এটা কৰি দেখোৱাৰ সপোন পুহি ৰাখিছিল। তেওঁ লগতে কয়, ‘মই যোৱা ৬ পৰা ৭ মাহ ধৰি দিল্লীত বাস কৰি আহিছো। প্ৰদূষণৰ স্তৰ আৰু ইয়াৰ ফলত পৰিবেশৰ উপৰত পৰি অহা প্ৰতিকূল প্ৰভাৱ সম্পৰ্কে সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰিয়ে মোক যথেষ্ট উদ্বিগ্ন কৰি তুলিছে।’

দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন য়ু)ৰ ইংৰাজী বিভাগৰ স্নাতকোত্তৰৰ ছাত্ৰ ফিলেম ৰ’হান সিঙে উক্ত যাত্ৰাত প্ৰত্যেক দিনাই ১০০ কি.মি কৈ চাইকেল চলাব।

তেওঁ আৰু কয়, ‘মই যোৱা ২ৰ পৰা ৩ বছৰ ধৰি চাইকেল চলাই আছো। পূৰ্বৰ যাত্ৰা সমূহত মই ৫০০ৰ পৰা ৬০০ কি.মি পৰ্যন্ত চাইকেল চলাইছো যদিও ইমান বেছি দৈৰ্ঘ আগতে কেতিয়াও অতিক্ৰম কৰা নাই। উক্ত উদ্দেশ্যত সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হ’ব পাৰিম বুলি মই আশা কৰিছো।’

উল্লেখযোগ্য যে যোৱা বছৰৰ শেষৰ ফালে ৰাজধানী দিল্লী তথা ইয়াৰ দাতিকাষৰীয়া চহৰ সমূহত প্ৰদূষণ এক প্ৰধান উদ্দেগৰ কাৰণ হৈ পৰাৰ লগতে বিষাক্ত ধোঁৱা মিশ্ৰিত কুঁৱলীয়ে সাধাৰণ জনজীৱন ব্যাহত কৰি তুলিছিল।