NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ নেতাৰ প্ৰৱেশ নিষিদ্ধ হ’ল গুৱাহাটী বিশ্ববিদ্যালয়তো

Posted by: এন ই নাও নিউজ January 14, 2019 3:02 pm
Gauhati University

নাগৰিকত্ব সংশোধনী বিধেযক ২০১৬ বাতিল নোহোৱা পৰ্যন্ত গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বিজেপি নেতাক। ৰাজ্যৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ ছাত্ৰ গোটে ১৩ জানুৱাৰিত এই ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে।

উল্লেখ্য যে যোৱা ৭ জানুৱাৰিত এই জাতিধ্বংসী বিধেয়কখন লোকসভাত গৃহীত হোৱাৰ পিছৰে পৰা অসমৰ বিভিন্ন দল-সংগঠন তথা ছাত্ৰ সমাজে বিধেয়কখন বাতিলৰ দাবীত তীব্ৰ বিৰোধিতা কৰাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।

একমাত্ৰ ভোট বেংকৰ স্বাৰ্থত বিজেপিয়ে এই বিধেয়কখন গৃহীত কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰুদ্ধে তথা বিধেয়কখন বাতিলৰ দাবীত যোৱা ১০ জানুৱাৰিত বিশ্ববিদ্যালয়খনৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মুখ্য প্ৰৱেশ দ্বাৰৰ সন্মুখত ১০ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছিল।

কেন্দ্ৰীয় নেতৃত্বাধীন বিজেপি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে উত্তৰ-পূবৰ অন্য ৰাজ্যসমূহে তীব্ৰ বিৰুদ্ধাচৰণ কৰাৰ বিপৰীতে সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰে বিধেয়কখনৰ সপক্ষে গ্ৰহণ কৰা অটল স্থিতিৰ বাবেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ গোটে এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জনায়।

উল্লেখ্য যে নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কাৰ্য্যসূচী গ্ৰহণ কৰাৰ লগতে কলিয়াবৰ মহাবিদ্যালয় ছাত্ৰ একতা সভাইও উক্ত বিধেয়ক সমৰ্থকাৰী চৰকাৰী পক্ষৰ নেতাসকলক মহাবিদ্যালয়ত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি ১১ জানুৱাৰিত স্পষ্ট কৰি দিছিল।