NORTHEAST NOW (Assamese)
অসম

আজি ১২ ঘন্টীয়া গোলাঘাট জিলা বন্ধ : টায়াৰ জ্বলাই প্ৰতিবাদ বন্ধ সমৰ্থকৰ

Posted by: এন ই নাও নিউজ January 18, 2019 10:11 am
50248141_988258334898282_5073445606052069376_n

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাতিলৰ লগতে চাৰিগৰাকী ছাত্ৰ নেতাৰ মুক্তিৰ দাবীত গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্র মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদে আজি আহ্বান জনোৱা ১২ ঘণ্টীয়া গোলাঘাট বন্ধৰ সৰ্বাত্মক পৰিছে জিলাখনত।

আজি পুৱাই গোলাঘাট নগৰৰ বিভিন্ন স্থানত বন্ধ সমৰ্থনকাৰীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। জিলাখনৰ অন্তৰ্গত নুমলীগড়তো গোলাঘাট জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে। তদুপৰি, ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত বন্ধ সমৰ্থকে টায়াৰ জ্বলাই প্ৰতিবাদ কৰা দেখা যায়।

উল্লেখযোগ্য যে যোৱা ৮ জানুৱাৰিত আছুৱে আহ্বান জনোৱা অসম বন্ধৰ সময়ছোৱাত গোলাঘাটৰ বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগত সদৌ অসম চুতীয়া ছাত্র সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মহেন বৰা, চুতীয়া ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ উপ–সভাপতি অসীম শইকীয়া, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুত শইকীয়া আৰু অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নেতা ৰাজীৱ লস্কৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

সেয়েহে, উক্ত সংগঠনকেইটাই নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ লগতে যোৱা ৮ জানুৱাৰিত বিজেপি কাৰ্যালয় লণ্ডভণ্ড কৰাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰিজন ছাত্ৰ নেতাক বিনাচৰ্তে মুকলি কৰি দিয়াৰ দাবীত আজি ১২ ঘণ্টীয়া গোলাঘাট জিলা বন্ধৰ আহ্বান জনাইছিল।