NORTHEAST NOW (Assamese)
অসম

একেলগে বহিল অখিল-অতুল : নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ঐক্যবদ্ধ যুঁজৰ সংকল্প

Posted by: এন ই নাও নিউজ January 21, 2019 10:28 am
20-01-19 Guwahati- AGP and other 70 ethnic Organization meeting (5)

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী যুঁজ অব্যাহত ৰখা ৭০ টা সংগঠনৰ সৈতে এইবাৰ ঐক্যমত পোষণ কৰিলে মিত্ৰতা ভংগ কৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা ওলাই অহা অসম গণ পৰিষদ দলে।

দেওবাৰে নিশা অসম গণ পৰিষদৰ নেতৃত্বই ৭০ টা প্ৰতিবাদী সংগঠনৰ প্ৰতিনিধিৰ সৈতে এক আলোচনাত মিলিত হয়।

মহানগৰীৰ নন্দন হোটেলত অনুষ্ঠিত বৈঠকত বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অগপ নেতা অতুল বৰা, কেশৱ মহন্ত, বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু বিধায়ক সত্যব্ৰত কলিতাই অংশগ্ৰহণ কৰে।

বিতৰ্কিত বিধেয়কখন সন্দৰ্ভত বৈঠকত উপস্থিত থকা সংগঠনসমূহৰ প্ৰতিনিধিসকলে ৰাজ্যখনৰ সংগঠনসমূহৰ ঐক্যবদ্ধ আন্দোলনৰ প্ৰতি আঞ্চলিক দলটোৰ সমৰ্থন বিচাৰে।

ঐক্যবদ্ধ আন্দোলনৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা ব্যক্ত কৰি অগপৰ সভাপতি অতুল বৰাই কয়, ‘’ বিধেয়কখনৰ বিৰুদ্ধে জনসাধাৰণৰ আৱেগ প্ৰতিফলিত হৈছে আৰু আমি ৰাইজৰ এই আৱেগৰ সৈতে থিয় হোৱা উচিত।‘’

আনহাতে, কৃষক নেতা অখিল গগৈয়ে অগপৰ সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে বিজেপিৰ সাম্প্ৰদায়িক তথা বিভাজনমুখী ৰাজনীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ ঐক্যবদ্ধ আন্দোলনত অগপই অংশ লোৱাৰ বাবে আহ্বান জনায়।