NORTHEAST NOW (Assamese)
অসম

ক’লা পতাকাৰ আতংকই দিল্লীকো চুলেগৈ; আৰক্ষীয়ে ৰাতিয়েই দিল্লীৰ হোটেলৰ পৰা উঠাই নিলে অসমৰ ৭জন প্ৰতিবাদকাৰীক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 26, 2019 6:15 pm
Members went for protest in Delhi

ৰাজ্যত ক’লা পতাকাৰ আতংকই শাসক দলৰ মন্ত্ৰী-বিধায়ক, নেতাক খেদি ফুৰাৰ সময়তে দিল্লীকো ত্ৰস্ত কৰিলে অসমৰ প্ৰতিবাদৰ আতংকই। ফলত ক’লা পতাকা প্ৰদৰ্শনৰ বাবে অসমৰ পৰা যোৱা ৭জন প্ৰতিবাদকাৰীক আজি যোৱা ৰাতিয়েই তেওঁলোক থকা ‘ময়ূৰ আছাম’ হোটেলৰ পৰাই আটক কৰি লৈ যায় দিল্লী আৰক্ষীয়ে।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাত গণৰাজ্য দিৱসৰ দিনাই দিল্লীত ‘ক’লা পতাকা প্ৰদৰ্শন’ কৰাৰ উদ্দেশ্যে ২৫ জানুৱাৰিত দিল্লীলৈ ৰাওনা হৈছিল ৭০টা সংগঠনৰ ৭জন সদস্য।

অসমৰ পৰা প্ৰেৰিত বিশেষ সূত্ৰে এই কথা জানিব পাৰি ৰাতিয়ে হোটেলত উপস্থিত হয় সংসদমাৰ্গ আৰক্ষীৰ এটা দল। আটাইকেইজনকে নি সংসদমাৰ্গ আৰক্ষী থানাত ৰাতিটো ৰখাৰ পিছত আজি দিনৰ ৩ বজাৰ পিছত, গণৰাজ্য দিৱসৰ কাৰ্য্যসূচীৰ পিছতহে এৰি দিয়ে।

অসমৰ পৰা যোৱা দলটোৰ নেতৃত্বত আছিল অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস।

প্ৰতিবাদৰ বাবে যোৱা সংগঠনৰ সূত্ৰই আমাক জনোৱামতে, গণৰাজ্য দিৱসৰ দিনা দেশৰ ৰাষ্ট্ৰপতিয়ে পতাকা উত্তোলন কৰাৰ সময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত ক’লা পতাকা প্ৰদৰ্শন কৰাৰ বাবে এক পৰিকল্পনা কৰিছিল দিল্লীলৈ যোৱা দলটোৱে। কিন্তু পাছ নোপোৱাত শেহত  তেওঁলোকে দিল্লীৰ অসম ভৱনৰ সন্মুখতে ক’লা পতাকা প্ৰদৰ্শনৰ পৰিকল্পনা কৰিছিল বুলি জানিব পৰা গৈছে।

আনহাতে, প্ৰতিবাদ নকৰাকৈয়ে প্ৰতিনিধিসকলক হোটেলৰ কোঠাৰ পৰা গ্ৰেপ্তাৰ কৰাক কেন্দ্ৰ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসৰ লগতে ৭জন প্ৰতিনিধিয়ে।

“বিজেপি চৰকাৰ সাংঘাতিক ধৰণে ক’লা পতাকাৰ প্ৰতি ভীতিগ্ৰস্ত হৈছে।” আৰক্ষীৰ কবলৰ পৰা মুকলি হৈ আহি আমাৰ সাংবাদিকৰ আগত এইদৰে কয় দাসে।

ইপিনে, নিশা সংসদমাৰ্গ আৰক্ষীয়ে প্ৰতিনিধিসকলক মানসিকভাৱে অত্যাচাৰ চলোৱা বুলি দাসে অভিযোগ তোলে।

দাসৰ অভিযোগ “কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে দিল্লীত ভৱিষ্যতে প্ৰতিবাদ কৰিলে ভয়াবহ গোচৰ জাপি দিয়া হ’ব বুলি কালি আমাক আৰক্ষীয়ে ভাবুকি দিয়ে।”

তদুপৰি অহা ৩১ জানুৱাৰি পৰ্য্যন্ত ৭০ টা সংগঠনৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰিবলৈ দিয়া নহ’ব বুলি সংসদমাৰ্গ আৰক্ষীয়ে সকীয়নি দিয়ে তেওঁলোকক।

“কাইলৈ বিধেয়কৰ বিৰুদ্ধে ২ ঘণ্টীয়া প্ৰতীকী আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ কথা আছিল। কিন্তু অনশন কৰাৰ বাবে যন্তৰ-মন্তৰত কোনো ধৰণৰ অনুমতি নাপালো।” ৰুবুল দাসে কয়।

তেওঁ লগতে কয়, “জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰসমূহ বিজেপি চৰকাৰখনে হৰণ কৰিছে। স্বৈৰাচাৰী চৰকাৰখনে বাক-স্বাধীনতা কাঢ়ি ল’ব বিচাৰিছে ।”

সংসদমাৰ্গ আৰক্ষীয়ে আটক কৰা ৭০টা সংগঠনৰ প্ৰতিনিধিসকল ক্ৰমে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ, অসমৰ সভাপতি ৰুবুল দাস, ভাৰপ্ৰাপ্ত সম্পাদক কমলা কান্ত দাস, বিষ্ণুৰাম হাজৰিকা ,কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদক যাদৱ দাস, যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়া, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দেৱযানী নাথ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি বিত্ত সম্পাদক হিৰণ্য পাথৰী।