NORTHEAST NOW (Assamese)
অসম

বি পি এফৰ উদ্যোগত হাউলীৰ বালাভিঠাত দৰিদ্ৰ কৃষকৰ মাজত স্প্ৰে মেচিন বিতৰণ

Posted by: আনিছুজ জামান January 27, 2019 3:44 pm
Spray machine distributed

দৰিদ্ৰ কৃষক সকলক কৃষি ক্ষেত্রত সকাহ দিবলৈ বৰপেটা জিলাৰ সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত বালাভিঠা গাঁৱৰ কৃষক সকলৰ মাজত আজি বি পি এফ দলে স্প্ৰে মেচিন বিতৰণ কৰে।

কৃষক সকলৰ সহায় হোৱাৰ উদ্দেশ্যে বৰপেটা জিলা বি পি এফৰ কোষাধ্যক্ষ আব্দুল ৰৌফে বালাভিঠা গাঁৱৰ প্ৰায় শতাধিক কৃষকক আজি স্প্ৰে মেচিন বিতৰণ কৰে। স্প্ৰে মেচিন বিতৰণৰ কাৰ্যসূচীতো আব্দুল ৰৌফৰ নিজ বাসভৱনতে অনুষ্ঠিত হয়।

কৃষি সামগ্ৰী বিতৰণৰ উপৰি বি পি এফ দলে উক্ত অঞ্চলৰে দৰিদ্ৰ পৰিয়ালৰ মাজত কম্বল আৰু আঠুৱাও বিতৰণ কৰে। উল্লেখ্য যে বৰপেটা জিলা বি পি এফৰ কোষাধ্যক্ষ আব্দুল ৰৌফে বিভিন্ন সময়ত চৰকাৰী আঁচনিৰ জৰিয়তে আনকি ব্যক্তিগতভাৱেও এনেদৰে বহু দৰিদ্ৰ পৰিয়ালক সহায় আগবঢ়াই আহিছে।