NORTHEAST NOW (Assamese)
উত্তৰ-পূব

মেঘালয়ৰ কয়লাখনিৰ দুৰ্ঘটনা : দ্বিতীয়জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰৰ চেষ্টা অব্যাহত

Posted by: এন ই নাও নিউজ January 28, 2019 9:46 pm
24-01-19-Meghalaya-one-unidentified-body-of-trapped-miner-1-750x375

মেঘালয়ৰ কয়লাখনিত নিৰূদ্দিষ্ট হোৱা ১৫জন খনি শ্ৰমিকৰ এজনৰ মৃতদেহ বিচাৰি পোৱাৰ পাছত আৰু জিলা কৰ্তৃপক্ষই উক্ত মৃতদেহটো পৰিয়ালৰ হাতত অৰ্পণ কৰে। তাৰ পাছত যোৱা শনিবাৰে দ্বিতীয়টো মৃতদেহৰ সন্ধান লাভ কৰিছিল উদ্ধাৰকাৰী দলে।

আজি ২৮ জানুৱাৰি সোমবাৰে এই মৃতদেহটো খনিৰ পৰা উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে অহোপুৰুষাৰ্থ কৰি আছে। উদ্ধাৰকাৰী দলৰ মুখপত্ৰগৰাকীয়ে জনাইছে যে চিআইএলে ৩৪ ঘণ্টাত খনিটোৰ পৰা প্ৰায় ৩৮,৫৫,৬০০ লিটাৰ পানী উলিয়াই দিয়া হৈছে। আনহাতে কেএছবিয়ে নিষ্কাষণে ৫ঘণ্টা ধৰি তেওঁলোকৰ পাম্প চলাই আছে আৰু মুঠ নিষ্কাষিত পানীৰ পৰিমাণ ৯,৯০,০০০ লিটাৰ হৈছেগৈ।

উৰিষ্যা অগ্নি নিৰ্বাপক বাহিনীৰ পৰিসেৱা বন্ধ কৰি এতিয়া কিৰ্লোস্কাৰ ব্ৰাডাৰ্ছ লিমিটেডৰ পাম্প স্থাপন কৰা হৈছে। বৰ্তমান পাম্প আৰু পাইন সংযোগৰ কাম চলি আছে।

মুখপাত্ৰগৰাকীয়ে আৰু কৈছে যে এই উদ্ধাৰ অভিযানত উদ্ধাৰকাৰী দলক সহায় কৰিছে ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বাহিনীয়ে।