NORTHEAST NOW (Assamese)
অসম

অসমৰ ৭১.৭ শতাংশ শিশুৱে নামভৰ্তি কৰে চৰকাৰী বিদ্যালয়ত

Posted by: এন ই নাও নিউজ January 29, 2019 2:53 pm
Examination-going-on-in-Manipur.-File-photo-768x510

এটা শেহতীয়া সমীক্ষাত প্ৰকাশ যে অসমৰ ৬ বছৰৰ পৰা ১৪ বছৰ বয়সীয়া প্ৰায় ৭১.৭ শতাংশ শিশুৱে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে। নতুন দিল্লীৰ এএছইআৰ কেন্দ্ৰই (ASER Centre) প্ৰকাশ কৰা শৈক্ষিক প্ৰতিৱেদনৰ বাৰ্ষিক অৱস্থা (গ্ৰাম্য), ২০১৮ত এই তথ্য প্ৰকাশ পাইছে।

দ্য আসাম ট্ৰিবিউন কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত আৰু প্ৰকাশ পাইছে যে ৬ ৰ পৰা ১৪ বছৰলৈকে ২৪শতাংশ শিশুৱে  ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰে।

জৰীপটোৰ প্ৰতিৱেদন অনুসৰি, অসমত ৭ৰ পৰা ১৬ বছৰ বয়সৰ ভিতৰুৱা ৭০.১ শতাংশ, ৭ৰ পৰা ১০ বছৰ বয়সৰ ভিতৰুৱা ৭০.৬ শতাংশ, ১১ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰুৱা ৭১.৪ শতাংশ আৰু ১৫ৰ পৰা ১৬ বছৰ বয়সৰ ভিতৰুৱা ৬২.৮ শতাংশ শিশুৱে চৰকাৰী বিদ্যালয়ত নামভৰ্তি কৰে।

প্ৰতিৱেদনটোত আৰু প্ৰকাশ পাইছে যে অসমত ৭ৰ পৰা ১৬ বছৰ বয়সৰ ভিতৰুৱা ২৪.৪ শতাংশ, ৭ৰ পৰা ১০ বছৰ বয়সৰ ভিতৰুৱা ২৬.৯ শতাংশ, ১১ৰ পৰা ১৪ বছৰ বয়সৰ ভিতৰুৱা ২৩.২ শতাংশ আৰু ১৫ৰ পৰা ১৬ বছৰ বয়সৰ ভিতৰুৱা ২১.৪ শতাংশ শিশুৱে বিভিন্ন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত নামভৰ্তি কৰে।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে ৬ৰ পৰা ১৪ বছৰলৈকে ২.৩ শতাংশ, ৭ৰ পৰা ১৬ বছৰ বয়সৰ ৪.২ শতাংশ , ৭ৰ পৰা ১০ বছৰ বয়সৰ ০.৯ শতাংশ, ৩.৬ শতাংশ ১১ৰ পৰা ১৪ বছৰ বয়সৰ আৰু ১৩.৭ শতাংশ ১৫ৰ পৰা ১৬ বছৰ বয়সৰ শিশুৱে বিদ্যালয়ত নামভৰ্তি নকৰাকৈ থাকে। প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে অসমত বাদে উত্তৰ পূৰ্বাঞ্চলৰ বিদ্যালয়ত পুথিভঁৰালৰ ব্যৱস্থা নাই।