NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে জাঁজীত আহোম জাতীয় গণমঞ্চৰ বৃহৎ জোঁৰ সমদল

Posted by: ৰাজীৱ দত্ত January 29, 2019 8:47 pm
Sivasagar

হিন্দু বাংলাদেশীক অসমত সংস্থাপিত কৰি অসমৰ খিলঞ্জীয়া জনগণৰ অস্তিত্বক নিঃশেষ কৰি দিব পৰা নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সোমবাৰে জাঁজী দেওৰজাত আহোম জাতীয় গণমঞ্চই এক জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ শতাধিক সদস্যৰ লগতে দেওৰজাৰ গাঁওবাসীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক এই হঠকাৰী সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনায়।

সমদল কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ জিলা সম্পাদক পুলকেশ গগৈ আৰু কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক পবিত্ৰ গগৈয়ে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰক পুলি-পোখাই উভালিব লাগিব মন্তব্য কৰি কয় যে অসমত খিলঞ্জীয়াৰ প্ৰভূত্ব ৰক্ষাৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়ক কোনো কাৰণতে গৃহিত হ’বলৈ দিয়া নহ’ব।

দেওৰজা গাঁৱৰপৰা ম’ৰাবজাৰ চাৰিআলি পৰ্যন্ত উলিওৱা উক্ত জোঁৰ সমদলত প্ৰতিবাদকাৰীসকলে ‘অসম চৰকাৰ হায় হায়’, ‘বিজেপি চৰকাৰ মুৰ্দাবাদ’ আদি ধ্বনিৰে অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে।