NORTHEAST NOW (Assamese)
অসম

এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান ডিগবৈৰ অভিলাষ পাটোৱাৰীৰ

Posted by: এন ই নাও নিউজ January 29, 2019 7:49 pm
Abhilash Patowary

সদ্যঘোষিত এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰি ডিগবৈলৈ গৌৰৱ কঢ়িয়াই আনিছে মেধাৱী ছাত্ৰ অভিলাষ পাটোৱাৰীয়ে। ডিগবৈৰ ছাত্ৰ অভিলাষে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা এম বি বি এছৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

উল্লেখযোগ্য যে গুৱাহাটীৰ নুনমাটী শোধানাগাৰৰ মহাপ্ৰৱন্ধক প্ৰণৱ কুমাৰ পাটোৱাৰী আৰু ডিগবৈ মহাবিদ্যালয়ৰ পদাৰ্থবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপিকা ড০ ৰশ্মি পাটোৱাৰীৰ জ্যেষ্ঠ পুত্ৰ অভিলাষে মেডিচিন, শল্য চিকিৎসা, প্ৰসূতি আৰু স্ত্ৰীৰোগ চকিৎসা আৰু শিশুৰোগ চিকিৎসা বিভাগত অনাৰ্ছ লাভ কৰিবলৈ সক্ষম হয়।

ডিগবৈৰ ডি পি এছৰ পৰা স্কুলীয়া শিক্ষা সমাপ্ত কৰা অভিলাষৰ এই সাফল্যত উৎফুল্লিত বহুসংখ্যক শুভাকাংক্ষী আজি তেওঁৰ বাসগৃহত উপস্থিত হৈ তেওঁক অভিনন্দন জনায়।