NORTHEAST NOW (Assamese)
অসম

থানাতে আত্মাহত্যা কৰিলে একাদশ অসম আৰক্ষী বেটেলিয়নৰ নায়কে

Posted by: বিদ্যুত জ্যোতি বৰা January 29, 2019 10:22 pm
Samaguri suicide

নগাঁও জিলাৰ সীমান্তৱৰ্তী কাৰ্বি আংলং জিলাৰ অন্তৰ্গত আঞ্জুপানী আৰক্ষী থানাত কৰ্মৰত এগৰাকী বেটেলিয়নে মানসিক ভাৰসাম্য হেৰুৱাই আত্মাহত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে একাদশ এ পি বি এনৰ ৯ নং প্লাটুনৰ নায়ক হিচাপে আঞ্জুপানী থানাত কৰ্মৰত বেটেলিয়ন গৰাকীয়ে নিশা থানাখনৰ চৌহদতে চিপজৰী লৈ আত্মাহত্যা কৰা ঘটনাটো আজি পুৱা বিয়পি পৰাৰ পিছতেই থানাখনত হুৱাদুৱা লাগে। আঞ্জুপানী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে জনোৱা মতে নায়ক গোলোক গগৈ (৪৭)এ মানসিক ভাৰসাম্য হেৰুৱাই আত্মাহত্যা পথ বাচি ল’লে।

আনহাতে ঘটনাৰ খবৰ পাই আজি পুৱা সুদুৰ শদিয়াৰ পৰা ঢপলিয়াই অহা গোলোক গগৈৰ পত্নীয়ে আৰক্ষীক দিয়া ভাষ্য মতে গগৈয়ে কালি তেওঁৰ পত্নীক ফোনযোগে আত্মহত্যা কৰিব বুলি ইংগিত দিছিল।

আৰক্ষীৰ সুত্ৰে প্ৰকাশ কৰা মতে পৰবৰ্তী সময়ত আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো উদ্ধাৰ কৰি ডিফু অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।