NORTHEAST NOW (Assamese)
অসম

অসমক দ্বিতীয় কাশ্মীৰ অথবা ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব : হাতত জোঁৰ লৈ সমুজ্জ্বলৰ হুংকাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 31, 2019 10:22 pm
WhatsApp Image 2019-01-31 at 21.01.08

‘’অসমক দ্বিতীয় কাশ্মীৰ অথবা দ্বিতীয় ত্ৰিপুৰা হ’বলৈ দিয়া নহ’ব।‘’ আজি শ্বহীদ ন্যাসৰ পৰা সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত কামৰূপ জিলা ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত উলিওৱা এক ‘জোঁৰ সমদল’ত অংশগ্ৰহণ কৰি এই হুংকাৰ দিয়ে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই।

তেওঁ লগতে কয় যে ৰাজ্য সভাৰ অধিবেশনত যাতে এই জাতিধ্বংসী বিধেয়ক পাছ কৰিব নোৱাৰে, তাৰ বাবেই এই জোঁৰ সমদল বাহিৰ কৰা হৈছে।

তদুপৰি এই বিধেয়কৰ দ্বাৰা অসমীয়া ভাষা সংস্কৃতি, পৰিচয় নিঃশেষ হৈ যাব বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, ‘‘কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্ত কেতিয়াও সহ্য কৰা নহ’ব’’ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘’অসমত ১৯৭১ চনৰ পাছত অহা হিন্দু-মুছলমান কোনো বাংলাদেশী থাকিব নোৱাৰিব।‘’

‘’এই বিধেয়ক যিকোনো মূল্যৰ বিনিময়ত বাতিল হ’ব লাগিব।‘’ এই দাবী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যৰ।

আনহাতে, উক্ত ‘জোঁৰ সমদল’ত অংশগ্ৰহণ কৰা আছুৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক সদস্য টুটু মণি কলিতাই নৰ্থ ইষ্ট নাওৰ আগত কয়, ‘’কেন্দ্ৰীয় নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে ওকালতি কৰি এই বিধেয়কখন গৃহীত কৰিব বিচাৰিছে।‘’

তেওঁ লগতে কয়,‘’জাতিধ্বংসী বিধেয়কে উত্তৰ-পূৰ্বাঞ্চলৰ জনগাঁথনি নিঃশেষ কৰিব। বিশ্বৰ যিকোনো লোকে এই বিধেয়ক সমৰ্থন কৰিলেও এই বিধেয়ক বাতিল হ’বই লাগিব।‘’

উক্ত জোঁৰ সমদলত আলোচনা পন্থী আলফা নেতা অনুপ চেতিয়াৰ লগতে আছুৰ সভাপতি দীপাংক নাথেও অংশগ্ৰহণ কৰে।