NORTHEAST NOW (Assamese)
অসম

বিজেপিয়ে নাগৰিকত্ব বিধেয়ক গৃহীত কৰালেও কংগ্ৰেছ ক্ষমতালৈ আহিলে আইনখন বাতিল কৰিব : ৰিপুন বৰা

Posted by: কাজি জেইদুল ইছলাম February 2, 2019 5:56 pm
Ripun Bora

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ উপস্থিতিত আজি বিশ্বনাথৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছৰ বিশাল সাংগঠনিক সভা অনুষ্ঠিত হয়। ৰিপুন বৰাৰ উপৰি সভাত বিধায়ক ৰূপজ্যোতি কুৰ্মী, জাকিৰ হুছেইনকে ধৰি বহু নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে।

সভাত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি বৰাই কয়, ‘বিজেপিয়ে যদি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে, আমি ২০১৯ ত শাসনত আহিলে পুনৰ এই আইন বাতিল কৰিম।‘ ২০১৯ চনৰ নিৰ্বাচনক দ্বিতীয় স্বাধীনতাৰ যুঁজ বুলি আখ্যা দি তেওঁ ‘নিজৰ জাতিক বচোৱা, নিজৰ নিৰাপত্তা সুনিশ্চিত কৰা এই যুঁজত’ কংগ্ৰেছক জয়ী কৰাব লাগিব বুলি কয়।

আনহাতে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয় যে ‘আই মাতৃক ভাল পোৱা লোকে কেতিয়াও নাগৰিকত্ব বিধেয়ক সমৰ্থন কৰিব নোৱাৰে। অসমৰ ৯০ শতাংশ লোকে বিধেয়কৰ বিৰোধিতা কৰে, কেৱল ১০ শতাংশ পাগল আছে যিয়ে এই বিধেয়ক সমৰ্থন কৰি আছে।‘

উল্লেখযোগ্য যে আজি এই সভাতে বিশ্বনাথৰ যুৱ নেতা অঞ্জন বৰাই ৩৭০ গৰাকী সতীৰ্থক লগত লৈ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।