NORTHEAST NOW (Assamese)
অসম

মহানগৰীৰ সাতগাঁৱত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা

Posted by: এন ই নাও নিউজ February 3, 2019 12:49 pm
53cf8154b9c95

গুৱাহাটীৰ সাতগাঁও অঞ্চলত দেওবাৰে ৰাতিপুৱা এটা নাহৰফুটুকী বাঘে এগৰাকী মহিলাক আক্ৰমণ কৰি আহত কৰাৰ ঘটনাই অঞ্চলটোৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি কৰে।

বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক বানু বিবি (৩৫) বুলি চিনাক্ত কৰা হৈছে। আহত মহিলাগৰাকীক ততাতৈয়াকৈ নিকটৱৰ্তী প্ৰতীক্ষা হাস্পতাললৈ প্ৰেৰণ কৰা হয়। বৰ্তমান মহিলাগৰাকীৰ চিকিৎসাধীন হৈ থকা বুলি জানিব পৰা গৈছে।

আনহাতে, আক্ৰমণকাৰী বাঘটো সাতগাঁৱৰ প্ৰগতিনগৰৰ এটা ঘৰত সোমাই গৈ কোঠালি এটাৰ কোণত সোমাই পৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈছে যদিও বন বিভাগৰ দল গৈ উপস্থিত হোৱা নাই।

স্থানীয় লোকে জানিব দিয়ে যে তেওঁলোকে ঘটনা সংঘটিত হোৱাৰ লগে লগে বন বিভাগক খৱৰ দিছে যদিও বন বিভাগৰ লোক ঘটনাস্থলীলৈ আহি বাঘটোক চেতনানাশক দি কৰায়ত্ত্ব কৰাৰ চেষ্টা কৰা নাই।

স্থানীয় ৰাইজে জানিব দিয়া মতে প্ৰাপ্তবয়স্ক নাহৰফুটুকীটোৱে বিগত কেইদিনমানৰ পৰাই খাদ্যৰ সন্ধানত অঞ্চলটোত বিচৰণ কৰি আহিছিল।