NORTHEAST NOW (Assamese)
অসম

বোকাখাতৰ ইটাভাটাত সংঘটিত দুৰ্ঘটনাত এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু

Posted by: উত্তম শইকীয়া February 3, 2019 3:07 pm
accident

বোকাখাতৰ বিহৰা বজাৰৰ সমীপৰ এটা ইটাভাটাত আজি পুৱা সংঘটিত এক দুৰ্ঘটনাত এগৰাকী মহিলা শ্ৰমিকৰ মৃত্যু হয়। এখন বলেৰ’ পিকআপ ভানে খুন্দিওৱাৰ ফলত অকলিমা বিবি নামৰ মহিলা শ্ৰমিকগৰাকীয়ে থিতাতে মৃত্যুবৰণ কৰে।

দুৰ্ঘটনাত নিহত হোৱা মহিলাগৰাকীৰ ঘৰ ধুবুৰী জিলাত বুলি জানিব পৰা গৈছে। বিহৰা বজাৰৰ সমীপস্থিত এটা ইটাভাটাত কাম কৰিছিল মহিলা গৰাকীয়ে। এই দুৰ্ঘটনাটোত আবেদা খাতুন নামৰ আন এগৰাকী মহিলাও গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।

জানিব পৰা মতে ইটাভাটাৰ সমীপতে এ এছ ০৩ বি চি ০৮২১ নম্বৰৰ পিকআপ ভান খনে নিয়ন্ত্ৰণ হেৰুৱাই মহিলাগৰাকীক খুন্দিয়াই। মহিলা গৰাকীৰ মূৰৰ ওপৰেদি গাড়ীখনৰ চকা পাৰহৈ যোৱা বাবেই উক্ত শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখযোগ্য যে চালকৰ বিপৰীতে গাড়ীখন হেন্দিমেনে চলোৱা বুলি দুৰ্ঘটনাস্থলত উপস্থিত থকা স্থানীয় লোক তথা শ্ৰমিকসকলে অভিযোগ কৰে।