NORTHEAST NOW (Assamese)
অসম

হিমন্ত বিশ্বৰ বিৰুদ্ধে অভিযোগেৰে ক’লকাতাত ধৰ্ণা বংগৰ মুখ্য মন্ত্ৰী মমতাৰ

Posted by: সুবীৰ ভৌমিক Updated by: সুবীৰ ভৌমিক February 3, 2019 9:47 pm
mamata banerjee

সাৰধা কেলেংকাৰিৰ তদন্ত কৰিবলৈ ক’লকাতাৰ আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰৰ বাসগৃহত প্ৰৱেশ কৰা চি বি আই বাহিনীৰ বিৰুদ্ধে দেওবাৰে ধৰ্ণা আৰম্ভ কৰি বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে লৈছে অসমৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম।

অসমৰ মন্ত্ৰীগৰাকী সাৰধা কেলেংকাৰিত জৰিত বুলি স্পষ্ট অভিযোগ তুলি চি বি আইৰ “সন্ত্ৰাস” বিয়পোৱাৰ চেষ্টা কৰা মোদী চৰকাৰৰ পৰা “সংবিধান ৰক্ষা”ৰ বাবে ধৰ্ণা আৰম্ভ কৰিছে অগ্নিকন্যাগৰাকীয়ে।

“বিজেপিত যোগ দিয়াৰ আগতে তেওঁ (হিমন্ত বিশ্ব শৰ্মা)ক এই গোচৰটোত জেৰা কৰা হৈছিল, কিন্তু এতিয়া তেওঁ বিনা শাস্তিৰে মুকলিকৈ ঘূৰি ফুৰিছে,” ২০১৯ৰ নিৰ্বাচনৰ আগমুহূৰ্তত মোদী-শ্বাহে সাৰধা গোচৰটোৰ ৰাজনীতিকৰণ কৰিব বিচাৰিছে বুলি উল্লেখ কৰি এই মন্তব্য বেনাৰ্জীৰ।

বিৰোধী নেত্ৰী থাকোতে বহুবাৰ ধৰ্ণাত বহা ঐতিহাসিক চহিদ মিনাৰৰ কাষৰ মেত্ৰ’ চিনে’মা হলৰ বিপৰীত দিশে মুখ্য মন্ত্ৰীগৰাকীয়ে ধৰ্ণা আৰম্ভ কৰিছে।

ক’লকাতা আৰক্ষীয়ে চি বি আই বাহিনীক আয়ুক্তগৰাকীৰ বাসগৃ্হত প্ৰৱেশত বাধা দিয়াৰ পিছতে কুমাৰৰ বাসস্থানত গৈ উপস্থিত হৈছিলগৈ মুখ্য মন্ত্ৰীগৰাকী।

বেনাৰ্জীয়ে লগতে অভিযোগ কৰে যে চি বি আই দলটোৰ কোনো “চাৰ্চ ৱৰেন্ট” নাছিল, কিন্তু চি বি আই সূত্ৰৰ মতে সাৰধা কেলেংকাৰি সন্দৰ্ভত প্ৰশ্ন এৰাই চলিছিল কুমাৰে আৰু তেওঁ সাৰধা গোচৰৰ বিশেষ তদন্তকাৰী গোটৰ মুৰব্বীৰূপে সাক্ষ্য-প্ৰমাণ নষ্ট কৰিব পাৰে।

মমতাই বংগৰ মাটিৰ পৰাই বিজেপিক ধ্বংস কৰাৰ অংগীকাৰ কৰিছে।

“বংগৰ পৰাই আৰম্ভ হ’ব তেওঁলোকৰ ধ্বংস। আমি মোদীক ভয় নকৰো, তেওঁৰ ধ্বংস ইতিমধ্যে আৰম্ভ হৈছে। এই মাহত গোটেই দেশৰ বিৰোধী দলসমূহক ঐক্যবদ্ধ কৰি মই ইউনাইতে’দ ইণ্ডিয়া ৰে’লি আৰম্ভ কৰাৰ পৰাই নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে বংগত সন্ত্ৰাস বিয়পোৱাৰ বাবে নোহোৱা-নোপজা পৰ্য্যায়লৈ নামিছে,” বেনাৰ্জীয়ে কয়।

সমগ্ৰ বংগৰ জনসাধাৰণক বিজেপিৰ বিৰুদ্ধে ঐক্যবদ্ধ হ’বলৈ তেওঁ আহ্বান জনাইছে।

ইফালে নিজৰ স্থিতিত অবিচল চি বি আই-এ কয় তেওঁলোক সৰ্বোচ্চ ন্যায়ালয় আৰু ৰাজ্যপালৰ কাষ চাপিব আৰু দৰকাৰ হ’লে ৰাজীৱ কুমাৰক জেৰাৰ বাবে কেন্দ্ৰীয় বাহিনী নিয়োগ কৰিব।

জানিব পৰা মতে চল্ট লে’কত থকা চি বি আই কাৰ্য্যালয়ৰ বিষয়াসকলৰ নিৰাপত্তাৰ বাবে ইতিমধ্যে হাজিৰ হৈছে চি আৰ পি এফ দল।

ক’লকাতাৰ শ্বেইকস্পিয়েৰ চৰনি আৰক্ষী থানাত আটক কৰি ৰখা চি বি আই দলটোক শনিবাৰে ৰাতিলৈ এৰি দিছে আৰক্ষীয়ে।